চন্দ্ৰযান-৩ আৰু আদিত্য এল-১ৰ সফলতাৰ পিছত এইবাৰ শুক্ৰ গ্ৰহলৈ অভিযান চলাবলৈ সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোয়ে । গ্ৰহটোৰ বিভিন্ন দিশ অধ্যয়ন কৰাৰ লক্ষ্যৰে ইছৰোয়ে ২০২৮ চনৰ মাৰ্চ মাহত ভেনাছ অৰ্বিটাৰ মিছন (VOM) উৎক্ষেপণ কৰা হ’ ব বুলি ঘোষণা কৰিছে । এই অভিযানত শেহতীয়া কেবিনেট বৈঠকত অনুমোদিত ইছৰোৰ নতুন হেভি-লিফ্ট উৎক্ষেপণ বাহন এল ভি এম-৩ ব্যৱহাৰ কৰা হ’ব ।
ইছৰোৱে ২৯ মাৰ্চ, ২০২৮ তাৰিখে এল ভি এম-৩ ৰকেটত ভেনাছ অৰ্বিটাৰ মিছন প্ৰেৰণ কৰাৰ বাবে এক উৎক্ষেপণৰ সুযোগ লক্ষ্য কৰি আছে । এই ৰকেটটোৱে মহাকাশযানখনক ১৭০ কিলোমিটাৰ x ৩৬,০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিপটিকেল পাৰ্কিং অৰ্বিট (ইপিঅ’)ত স্থাপন কৰিব, য’ত ২১.৫° হেলনীয়া আৰু ১৭৮° আৰ্গুমেণ্ট অৱ পেৰিজি থাকিব ।
উৎক্ষেপণৰ চাৰি মাহৰ পাছত ১৯ জুলাইৰ আশে-পাশে এই অৰ্বিটাৰখন শুক্ৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ।
ক্ৰুজ পৰ্যায়ৰ পিছত, অৰ্বিটাৰে ভেনাছ অৰ্বিট ইঞ্জেকচনৰ জৰিয়তে ৫০০ কিমি x ৬০,০০০ কিলোমিটাৰ কক্ষপথত প্ৰৱেশ কৰিব । ৬ ৰ পৰা ৮ মাহ স্থায়ী এৰোব্ৰেকিঙে প্ৰায় ৯০º প্ৰৱণতাৰ সৈতে ক্ৰমান্বয়ে কক্ষপথটো ২০০ কিমি x ৬০০ কিলোমিটাৰ নিম্ন-উচ্চতাৰ কক্ষপথলৈ হ্ৰাস কৰিব ।
এই কক্ষপথটোৱে শুক্ৰৰ পৃষ্ঠ আৰু বায়ুমণ্ডলৰ উচ্চ-ৰিজলিউশ্বন অধ্যয়নৰ লগতে ৫ বছৰৰ পৰিকল্পিত মিছন ম্যাদত আয়নোস্ফেৰিক পৰ্যৱেক্ষণৰ অনুমতি দিব ।
ইছৰোৰ ভেনাছ অৰ্বিটাৰ মিছন কি ?
• আগন্তুক ভেনাছ অৰ্বিটাৰ মিছনে শুক্ৰৰ বায়ুমণ্ডল আৰু ভূ-বিজ্ঞান অন্বেষণ, গ্ৰহটোৰ ঘন বায়ুমণ্ডলৰ ওপৰত গুৰুত্বপূৰ্ণ বৈজ্ঞানিক তথ্য সংগ্ৰহ কৰাৰ ওপৰত গুৰুত্ব দিব ।
• মিছনটোৰ উদ্দেশ্য হৈছে শুক্ৰৰ পৃষ্ঠ, উপপৃষ্ঠ আৰু বায়ুমণ্ডলীয় প্ৰক্ৰিয়া অধ্যয়ন কৰা, লগতে ইয়াৰ বায়ুমণ্ডলত সৌৰ কাৰ্যকলাপৰ প্ৰভাৱ অধ্যয়ন কৰা ।
• গ্ৰহৰ বিৱৰ্তন বুজিবলৈ শুক্ৰক মূল বুলি গণ্য কৰা হয়, কিয়নো হয়তো এসময়ত ইয়াৰ অৱস্থা পৃথিৱীৰ দৰেই আছিল ।
• ইছৰোৱে মহাকাশযানখনৰ বিকাশ আৰু উৎক্ষেপণ ব্যৱস্থাপনা কৰিব, মুঠ বাজেট ১,২৩৬ কোটি, ৮২৪ কোটি মহাকাশযান নিৰ্মাণৰ দিশত খৰছ হ’ ব ।