বিদেশত পঢ়াৰ কথা আহিলে বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে আমেৰিকা, ব্ৰিটেইন বা অষ্ট্ৰেলিয়াক অগ্ৰাধিকাৰ দিয়ে যদিও এতিয়া এছিয়াৰ বিশ্ববিদ্যালয়সমূহো অধ্যয়ন, গৱেষণা আৰু প্লেচমেণ্টৰ ক্ষেত্ৰত পিছ পৰি থকা নাই । এছিয়াৰ বহু বিশ্ববিদ্যালয়ে QS World University Rankings ২০২৫ ত ভাল প্ৰদৰ্শন কৰিছে । এই বিশ্ববিদ্যালয়সমূহে কেৱল উৎকৃষ্ট শিক্ষা প্ৰদান কৰাই নহয়, বিশ্বব্যাপী কেৰিয়াৰৰ দুৱাৰো মুকলি কৰে ।
চীনৰ পেকিং বিশ্ববিদ্যালয়-
১৮৯৮ চনত স্থাপিত পেকিং বিশ্ববিদ্যালয়ক চীনৰ আটাইতকৈ পুৰণি আৰু সন্মানীয় বিশ্ববিদ্যালয় হিচাপে গণ্য কৰা হয় । QS ৰেংকিঙত ই এছিয়াৰ শীৰ্ষ বিশ্ববিদ্যালয় । ৩০খন মহাবিদ্যালয় আৰু ১২টা বিভাগত ছাত্ৰ-ছাত্ৰীয়ে ৯৩টা স্নাতক আৰু ১৯৯টা স্নাতকোত্তৰ পাঠ্যক্ৰম অধ্যয়ন কৰাৰ সুবিধা আছে ।
হংকং বিশ্ববিদ্যালয়-
১৯১১ চনত স্থাপিত হংকং বিশ্ববিদ্যালয় (HKU) হংকঙৰ প্ৰথমখন বিশ্ববিদ্যালয়েই নহয়, ইয়াৰ আন্তঃৰাষ্ট্ৰীয় এক উৎকৃষ্ট পৰিচয়ো আছে । এই বিশ্ববিদ্যালয়খন বিশ্বৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰিয় গন্তব্যস্থান হিচাপে গণ্য কৰা হয়, য’ত ৯৪খন দেশৰ ৩৯ হাজাৰতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে । ইয়াৰ ৭১ শতাংশ অধ্যাপক বিদেশী, যিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট পৰিচয় দিয়ে ।
নেশ্যনেল ইনিভাৰ্চিটি অব ছিংগাপুৰ (NUS)-
এন ইউ এছক অন্যতম শ্ৰেষ্ঠ গৱেষণা বিশ্ববিদ্যালয় হিচাপে গণ্য কৰা হয় । ইয়াত ১০০ খনতকৈও অধিক দেশৰ ৩৮ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে । ইয়াত বিজ্ঞান, প্ৰযুক্তি, ব্যৱস্থাপনা আৰু মানৱীয় বিষয়ৰ দৰে পাঠ্যক্ৰমৰ বাবে উৎকৃষ্ট বিকল্প উপলব্ধ ।
নানয়াং প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় (এন টি ইউ), ছিংগাপুৰ-
এন টি ইউ ছিংগাপুৰ এখন আগশাৰীৰ কাৰিকৰী বিশ্ববিদ্যালয় । ইয়াত অভিযান্ত্ৰিক, তথ্য বিজ্ঞান, ব্যৱসায় আৰু কলা আদি বিষয়ত অধ্যয়নৰ সুবিধা আছে । এই বিশ্ববিদ্যালয়ৰ মূল চৌহদটোক বিশ্বৰ অন্যতম সুন্দৰ বিশ্ববিদ্যালয় চৌহদ বুলি গণ্য কৰা হয় ।
ফুডান বিশ্ববিদ্যালয়, চীন-
১৯০৫ চনত প্ৰতিষ্ঠা হোৱা ফুডান বিশ্ববিদ্যালয় ২০০০ চনত চাংহাই চিকিৎসা বিশ্ববিদ্যালয়ৰ সৈতে একত্ৰিত হোৱাৰ পিছত আৰু অধিক বৃহৎ প্ৰতিষ্ঠানত পৰিণত হয় । ইয়াত চাৰিটা কেম্পাছ আৰু ৩৫খন বিদ্যালয় আছে । ইয়াত ৪ হাজাৰৰো অধিক বিদেশী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে ।
এছিয়ান বিশ্ববিদ্যালয় কিয় বাছি ল’ব ?
এই আটাইকেইখন বিশ্ববিদ্যালয়ে বিশ্বমানৰ পাঠদান, আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক আৰু শেহতীয়া গৱেষণাৰ সুবিধা প্ৰদান কৰে । এই প্ৰতিষ্ঠানসমূহৰ পৰা ডিগ্ৰীধাৰীসকলে সমগ্ৰ বিশ্বতে উৎকৃষ্ট চাকৰিৰ সুযোগ পায় । যদি আপুনি বিদেশত পঢ়াৰ সপোন দেখিছে তেন্তে এছিয়াৰ এই বিশ্ববিদ্যালয়সমূহ আপোনাৰ বাবে সৰ্বোত্তম বিকল্প ।