ৱায়ানাড লোকসভা উপ-নিৰ্বাচনৰ বাবে, ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) নব্যা হৰিদাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, যি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব । দলটোৱে অসম, বিহাৰ, ছত্তীশগড়, কৰ্ণাটক, কেৰালা, মধ্য প্ৰদেশ, ৰাজস্থান আৰু পশ্চিম বংগৰ বিধানসভা উপ-নিৰ্বাচনৰ বাবেও প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে ।
অসমৰ উপ-নিৰ্বাচনত বিজেপিয়ে নিহাৰ ৰঞ্জন দাসক ঢলাই (অনুসূচীত জাতি) আসনৰ পৰা, দিগন্ত ঘাটোৱাৰক বিহালী আসনৰ পৰা আৰু দীপ্লু ৰঞ্জন শৰ্মাক চামাগুৰি আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । ইফালে, বিহাৰৰ উপ-নিৰ্বাচনত বিশাল প্ৰশান্তক তাৰৰী আসনৰ পৰা আৰু অশোক কুমাৰ সিঙক ৰামগড় আসনৰ পৰা মনোনীত কৰা হৈছে । ছত্তীশগড়ৰ উপ-নিৰ্বাচনত, সুনীল চোনীক ৰায়পুৰ চিটি চাউথ আসনৰ পৰা প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে ।

ইফালে, দক্ষিণৰ ৰাজ্য কৰ্ণাটকৰ উপ-নিৰ্বাচনত দলটোৱে চিগাওঁৰ পৰা ভাৰত বাসবৰাজ বোম্মাই আৰু সন্দুৰ (অনুসূচীত জনজাতি) আসনৰ পৰা বঙাৰু হনুমানথুক মনোনীত কৰিছে । কেৰালাৰ উপ-নিৰ্বাচনত, দলটোৱে পালাক্কাড আসনৰ পৰা চি কৃষ্ণকুমাৰ আৰু চেলাক্কাৰা (অনুসূচীত জাতি) আসনৰ পৰা কে. বালাকৃষ্ণনৰ নাম ঘোষণা কৰিছে ।

মধ্য প্ৰদেশৰ উপ-নিৰ্বাচনত, বিজেপিয়ে বিজয়পুৰ আসনৰ পৰা ৰমনিৱাস ৰাৱত আৰু বুধনী আসনৰ পৰা ৰমাকান্ত ভাৰ্গৱক প্ৰক্ষেপ কৰিছে । ২০১৯ ৰ লোকসভা নিৰ্বাচনত ৰমাকান্ত ভাৰ্গৱ বিদিশা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল । ৰাজেন্দ্ৰ ভাম্বুক ৰাজস্থানৰ ঝুনঝুনু আসনৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে, আৰু সুখদেৱ সিঙক ৰামগড় আসনৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে ।

বিজেপিয়ে ৰাজস্থানৰ দৌছা আসনৰ পৰা জগমানোহন মীনা, দেওলী উনিয়াৰাৰ পৰা ৰাজেন্দ্ৰ গুৰজাৰ, খিনভছৰৰ পৰা ৰেৱন্ত ৰাম ডাংগা, ছালুম্বাৰ (অনুসূচিত জনজাতি)ৰ পৰা শান্ত দেৱী মীনাক মনোনীত কৰিছে । একে সময়তে পশ্চিম বংগৰ সীতাই আসনৰ (অনুসূচিত জাতি)ৰ পৰা দীপক কুমাৰ ৰায়, মাদাৰিহাট (অনুসূচিত জনজাতি)ৰ পৰা ৰাহুল লোহাৰ, নাইহাটীৰ পৰা ৰূপক মিশ্ৰ, হাৰুৱাৰ পৰা বিমল দাস, মেদিনীপুৰৰ পৰা সুভাজিত ৰায়, তালদংগৰাৰ পৰা অনন্যা ৰায় চক্ৰৱৰ্তীৰ নাম প্ৰাৰ্থী হিচাবে ঘোষণা কৰিছে ।