প্ৰসিদ্ধ ব্যৱসায়ী আৰু উদ্যোগপতি ৰতন টাটাই বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে । স্বাস্থ্যজনিত সমস্যাৰ বাবে তেওঁক মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, য’ত চিকিৎসাধীন অৱস্থাতে ৮৬ বছৰ বয়সত তেখেতৰ মৃত্যু হয় । ৭ অক্টোবৰত তেখেতক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, কিন্তু তেওঁ নিজেই এটা বিবৃতি জাৰি কৰি কৈছিল যে তেওঁৰ স্বাস্থ্য ভালে আছে, । কিন্তু অৱশেষত ৯ অক্টোবৰত সকলোকে কন্দোৱাই চিৰ বিদায় লয় স্বৰ্ণ হৃদয়ৰগৰাকী মহান দানবীৰগৰাকীয়ে ।
জানো আহক ৰতন টাটাৰ কিমান সম্পত্তি (Net Worth) আছিল আৰু তেওঁ কি এৰি গৈছে-
১৯৯১ চনৰ পৰা ২০১২ চনলৈ টাটা গোটক নেতৃত্ব দিছিল-
ৰতন টাটাক আটাইতকৈ সফল ব্যৱসায়ী তথা উদ্যোগপতিৰ তালিকাত ৰখা হয় আৰু তেওঁৰ নেতৃত্বত, টাটা গোটে কেৱল দেশতে নহয়, সমগ্ৰ বিশ্বতে প্ৰভাৱ বিস্তাৰ পেলাইছিল । ৰতন টাটাই ১৯৯১ চনত গোটটোৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু ২০১২ চনলৈকে কোম্পানীটোৰ অধ্যক্ষ আছিল ।
কিমান সম্পদ এৰি গৈছে ৰতন টাটাই ?
টাটা গ্ৰুপৰ ব্যৱসায় সমগ্ৰ বিশ্বতে বিয়পি আছে আৰু এই নাম ঘৰৰ পাকঘৰৰ পৰা আকাশৰ বিমানলৈকে আছে । গোটটোৰ এশৰো অধিক তালিকাভুক্ত আৰু তালিকাভুক্ত নোহোৱা কোম্পানী আছে যাৰ টাৰ্ণঅ’ভাৰ প্ৰায় ৩০০ বিলিয়ন ডলাৰ । প্ৰয়াত ৰতন টাটাৰ(Ratan Tata Net Worth) সম্পত্তিৰ কথা ক’বলৈ গ’লে, খবৰ অনুসৰি মহান দানবীৰগৰাকীয়ে আনুমানিক প্ৰায় ৩৮০০ কোটি টকাৰ সম্পত্তি এৰি থৈ গৈছে ।
উপাৰ্জনৰ এটা বৃহৎ অংশ কৰিছিল দান-
১৯৩৭ চনৰ ২৮ ডিচেম্বৰত জন্মগ্ৰহণ কৰা ৰতন টাটাৰ সম্পত্তিৰ এই পৰিসংখ্যা তেওঁৰ বিশ্বব্যাপী ব্যৱসায়ৰ কথা বিবেচনা কৰিলে কম যেন লাগিব পাৰে । ইয়াৰ আঁৰৰ কাৰণৰ হল তেওঁৰ উপাৰ্জনৰ এক বৃহৎ অংশ দানত খৰচ হৈছিল । ৰতন টাটা তেওঁৰ উদাৰতাৰ বাবে পৰিচিত আছিল আৰু দেশৰ শীৰ্ষ দানবীৰসকলৰ ভিতৰত আছিল, যি নিজৰ উপাৰ্জনৰ এক বৃহৎ অংশ টাটা ট্ৰাষ্টক দান কৰিছিল । এই অনুদানসমূহে টাটা ট্ৰাষ্ট হোল্ডিং কোম্পানীটোৰ অধীনত থকা প্ৰতিষ্ঠানসমূহে মুঠ উপাৰ্জনৰ ৬৬% অৰিহণা যোগায় ।
সকলোকে সহায় কৰিছিল টাটাই-
২০০৪ চনৰ ছুনামী হওক বা দেশত ক’ৰণা মহামাৰীৰ প্ৰাদুৰ্ভাৱ হওক, প্ৰতিটো সংকটত সহায়ৰ বাবে আগৰণুৱা আছিল ৰতন টাটা । কেৱল সামাজিক কামৰ বাবেই নহয়, আৰ্থিক অসুবিধাত ভুগি থকা ছাত্ৰ-ছাত্ৰীক সহায় কৰাৰ ক্ষেত্ৰতো তেওঁ সদায় আগৰণুৱা আছিল । তেওঁৰ ট্ৰাষ্টে এনে ছাত্ৰ-ছাত্ৰীক বৃত্তি প্ৰদান কৰে । এনে ছাত্ৰ-ছাত্ৰীক J.N. Tata Endowment, Sir Ratan Tata Scholarship আৰু Tata Scholarship জৰিয়তে সহায় আগবঢ়োৱা হয় ।