উধমপুৰৰ দুদ্দু-বসন্তগড়ত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হৈছে । নিৰাপত্তা বাহিনীয়ে ঘেৰাও কৰিছে সন্ত্ৰাসবাদীক । তথ্য অনুসৰি এই সংঘৰ্ষত এজন সেনা জোৱান শ্বহীদ হৈছে । সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰে । সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰাৰ লগে লগে সেনা জোৱান সকলেও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে । উল্লেখ্য যে জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সেনা আৰু নিৰাপত্তা বাহিনী সন্ত্রাসবাদীৰ সন্ধানত ব্যস্ত হৈ পৰিছে ।
হোৱাইট নাইট কৰ্পছৰ এটা ছ’চিয়েল মিডিয়া পোষ্টত কোৱা হৈছে, ‘চোৰাংচোৱাৰ খবৰৰ ভিত্তিত আজি উধমপুৰৰ বসন্তগড়ত জম্মু-কাশ্মীৰ আৰক্ষীৰ সৈতে যৌথ অভিযান আৰম্ভ কৰা হয় । যোগাযোগ স্থাপন হ’ল আৰু তীব্ৰ গুলীচালনা আৰম্ভ হয় । আমাৰ এজন সৈনিক প্ৰাৰম্ভিক এনকাউণ্টাৰত গুৰুতৰভাৱে আহত হৈছিল আৰু চিকিৎসাৰ অশেষ প্ৰচেষ্টা সত্ত্বেও পিছলৈ তেওঁ নিজৰ প্ৰাণ ত্যাগ কৰে । এতিয়াও এই অভিযান অব্যাহত আছে ।‘
আক্রমণকাৰীক নিষ্ক্ৰিয় কৰাৰ বাবে পহলগামৰ বৈছাৰণ অঞ্চলত নিৰাপত্তা বাহিনীয়ে ব্যাপক তালাচী অভিযান চলাইছে । সন্ত্ৰাসবাদীক ধৰিবলৈ ভাৰতীয় সেনাই পুঞ্চৰ লাছানা বনাঞ্চলত জম্মু-কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযান গোটৰ সৈতে যুটীয়া অনুসন্ধান অভিযান আৰম্ভ কৰিছে । জম্মু-কাশ্মীৰত বৃহৎ পৰিসৰৰ অনুসন্ধান অভিযান চলোৱা হৈছে ।