আজি আছিল পুত্ৰৰ প্ৰথমটো জন্মদিন। পুত্ৰৰ প্ৰথমটো জন্মদিনৰ বাবে অতি হেঁপাহেৰে ৰৈ আছিল চিকিৎসক মাতৃ ডা: অনিন্দিতা পাটোৱাৰী। কিন্তু জন্মদিনৰ দিনাই ঘৰখলৈ আহিল এটা বেয়া খবৰ।

বিবাহৰ পাছত কৰ্কট ৰোগত আক্ৰান্ত হৈছিল চিকিৎসকগৰাকী। প্ৰায় ১০ মাহ ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি অৱশেষত আজি মৃত্যুৰ ওচৰত হাৰ মানিলে চিকিৎসকগৰাকীয়ে।জীয়াই থাকিবলৈ আপ্রাণ চেষ্টা কৰিছিল অনিন্দিতাই ।

জীৱন যুদ্ধত জিকিবলৈ নিজৰ লগতে পৰিয়ালৰ আপ্রাণ চেষ্টাও যেন অথলে গ’ল । চিকিৎসক হোৱাৰ লগতে সত্ৰীয়া নৃত্যশিল্পী হিচাপেও বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল অনিন্দিতাই।

যোৰহাট মেডিকেল কলেজত চিকিৎসা বিজ্ঞানৰ স্নাতক শ্ৰেণীত পঢ়ি থকা সময়ত অনিন্দিতাই লণ্ডনৰ গ্ৰীনউইচ বিশ্ববিদ্যালয়ত গৱেষণা পত্ৰৰ লগতে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ কৰিছিল।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ডেম’নষ্ট্ৰেটৰ ডাঃ অনিন্দিতা পাটোৱাৰীৰ বিয়োগৰ খবৰে শোকাহত কৰিছে সকলোকে। মৃত্যুৰ সময়ত ডা: অনিন্দিতা পাটোৱাৰীৰ বয়স আছিল ৩২ বছৰ।