উত্তৰাখণ্ডৰ চামোলীত এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছে।উত্তৰাখণ্ডৰ মানা গাঁৱত হিমস্খলনৰ ফলত এক ধ্বংস যজ্ঞ সৃষ্টি হৈছে। হিমস্খলনৰ ফলত ৪৭ জন শ্ৰমিক বৰফত সমাধিস্থ হৈছে।
খবৰ অনুসৰি এই ঘটনাত ৫৭ জন শ্ৰমিক ভুক্তভোগী হৈছিল, কিন্তু ১০ জনক উদ্ধাৰ কৰা হৈছে।বাকী ৪৭ জনৰ সন্ধান চলি আছে।
খবৰ অনুসৰি দুৰ্ঘটনাটোৰ সময়ত বহু সংখ্যক ব্যক্তিগত ঠিকাদাৰ কৰ্মীয়ে সেই স্থানত কাম কৰি আছিল।হঠাৎ পাহাৰৰ পৰা বৰফ খহি পৰাৰ ফলত বৰফৰ মাজতে পুত যায়।
জানিব পৰা মতে সকলো বিআৰও চুক্তিত কাম কৰা শ্ৰমিক আছিল।বৰফ কিনি খহি পৰাৰ ফলত শ্ৰমিক সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
কিছু সংখ্যক শ্ৰমিকে পলাই যাবলৈ সক্ষম হৈছিল যদিও ৫৭ জন শ্ৰমিক বৰফৰ মাজত আৱদ্ধ হৈ পৰে।