দেশত দিনে দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ ঘটনা। তাৰ মাজতে উচ্চতম ন্যায়ালযে এক গুৰুত্বপূৰ্ণ ৰায়দান দিছে। এতিয়াৰে পৰা বেয়া ৰাস্তাত দুৰ্ঘটনাত পতিত হ’লেই চৰকাৰে কৰাব লাগিব বিনামূলীয়া চিকিতসা।
দুৰ্ঘটনা হোৱাৰ এঘন্টাৰ ভিতৰতে বিনামূলীয়া চিকিৎসা কৰাব লাগিব চৰকাৰে। ২০২২ৰ এক আঁচনিৰ ভিত্তিত এই ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে।দুৰ্ঘটনাগ্ৰস্ত লোকৰ বীমাৰ বাবে আঁচনি ৰূপায়ন কৰাৰো নিৰ্দেশ দিছে।
দুৰ্ঘটনাৰ ক্ষতিপূৰণৰ ব্যৱস্থাৰ বাবে ১৪ মাৰ্চৰ ভিতৰত মুকলি কৰিব লাগিব পৰ্টেল।ন্যায়াধীশ অভয় এছ ৱকাৰৰ নেতৃত্বত বিচাৰপীঠে দিছে এই ৰায়।
এই ৰায়ৰ অনুসৰি দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ব্যক্তিয়ে GOLDEN HOURৰ ভিতৰত লাভ কৰিব লাগিব চিকিৎসা। সংবিধানৰ ২১নং অনুচ্ছেদৰ আধাৰত ১২৬ নং ধাৰাত প্ৰস্তুত কৰিব লাগিব আঁচনি।
বাধ্যতামলূকভাৱে চৰকাৰে মানিব লাগিব সৰ্বোচ্চ ন্যায়ালয়ৰ এই ৰায়।১৪ মাৰ্চৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰে।
২৪ মাৰ্চৰ পৰৱৰ্তি শুনানিৰ পূৰ্বে কেন্দ্ৰই গ্ৰহণ কৰিব লাগিব পদক্ষেপ ।ইয়াৰ লগতে হিট এণ্ড ৰানৰ গোচৰত দুৰ্ঘটনাত পতিত লোকক চৰকাৰে দিব লাগিব ২ লাখকৈ টকা।