১৫ এপ্ৰিলত ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব পাৰে উচ্চতম ন্যায়ালয়ে । একে সময়তে কেন্দ্ৰীয় চৰকাৰে ৱাকফ (সংশোধনী) আইন, ২০২৫ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত কেভিয়েট দাখিল কৰিছে । চৰকাৰৰ হৈ ৱাকফ (সংশোধনী) আইন, ২০২৫ৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনসমূহৰ ওপৰত আদেশ গৃহীত কৰাৰ পূৰ্বে শুনানিৰ বাবে দাবী উত্থাপন কৰা হৈছে ।
উচচতম ন্যায়ালয়ত ৱাকফ আইনৰ বিৰুদ্ধে ৰাজনীতিবিদ, অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ড আৰু জমিয়ত উলামা-ই-হিন্দৰ আৱেদনকে ধৰি মুঠ ১০খনতকৈও অধিক আবেদন দাখিল কৰিছে । এই আবেদনসমূহত নতুনকৈ নিৰ্মিত আইনখনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা হৈছে । আবেদন দাখিল কৰা অধিবক্তাসকলে জনোৱা মতে, ১৫ এপ্ৰিলত বিচাৰপীঠৰ সন্মুখত শুনানিৰ বাবে এই আবেদনসমূহ তালিকাভুক্ত হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত এতিয়াও প্ৰকাশ কৰা হোৱা নাই ।
কোনে কোনে দাখিল কৰিছে আবেদন-
দ্ৰাবিড় মুনেত্ৰ কাঝাগাম (ডি এম কে), কংগ্ৰেছৰ সাংসদ ইমৰান প্ৰতাপগড়ী আৰু মহম্মদ জাভেদ, এ আই এম আই এমৰ নেতা আছাদুদ্দিন ওৱেইছি, আৰ জে ডিৰ সাংসদ মনোজ ঝা আৰু ফায়াজ আহমেদ, আপৰ বিধায়ক অমানতুল্লাহ খানেও এই আইনখনৰ বৈধতাক প্ৰত্যাহ্বান জনাই উচ্চতম আদালতত আবেদন দাখিল কৰিছে । যোৱা ৭ এপ্ৰিলত মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত এখন বিচাৰপীঠে জ্যেষ্ঠ অধিবক্তা কপিল ছিবালক আশ্বাস দিছিল যে আবেদনসমূহৰ তালিকাভুক্তকৰণৰ কথা বিবেচনা কৰা হ’ব । উল্লেখ্য যে কপিল ছিবাল জমিয়ত উলামা-ই-হিন্দৰ হৈ উচ্চতম ন্যায়ালয়ত হাজিৰ হৈছিল ।
কেভিয়েট কি ?
চৰকাৰৰ হৈ উচ্চতম ন্যায়ালয়ত সতৰ্কবাণী দাখিল কৰাটো এক আইনী প্ৰক্ৰিয়া, য’ত কোনো ব্যক্তি বা সংগঠনৰ বিৰুদ্ধে কোনো আদেশ গৃহীত হোৱাৰ পূৰ্বে নিজৰ পক্ষ দাখিল কৰাৰ সুযোগ প্ৰদান কৰা হয়, যাতে একপক্ষীয় সিদ্ধান্ত লোৱা নহয় ।