শনিবাৰে ইৰানৰ ওপৰত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ । বিমানেৰে ইৰানৰ সামৰিক ঘাটিত বোমা বিস্ফোৰণ ইজৰাইলৰ। ইৰানৰ ১০ টাকৈ স্থানত ইজৰাইলে চলালে আক্ৰমণ। বোমা বিস্ফোৰণত কঁপি উঠিল তেহৰানকে ধৰি বহুকেইখন চহৰ। জুই-ক’লা ধোঁৱাই ছানি ধৰিছে ইৰানৰ আকাশ। ইজৰাইলে কৈছে যে এই মাহৰ আৰম্ভণিতে ইৰাণৰ দ্বাৰা ইজৰাইলৰ ওপৰত নিক্ষেপ কৰা এটা বেলিষ্টিক মিছাইলৰ প্ৰতিক্ৰিয়াস্বৰূপে তেওঁলোকে ইৰানৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লৈছিল। অৱশ্যে, তেওঁ এই মুহূৰ্তত আক্ৰমণৰ বিষয়ে বিশেষ তথ্য দিয়া নাই।ইজৰাইলৰ সামৰিক মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে শনিবাৰে এটা পূৰ্বে ৰেকৰ্ড কৰা ভিডিঅ’ বাৰ্তাত কৈছিল যে”ইৰাণৰ শাসন আৰু অঞ্চলটোৰ সমৰ্থকসকলে ৭ অক্টোবৰৰ পৰা ইজৰাইলৰ ওপৰত নিৰন্তৰ আক্ৰমণ চলাই আহিছে।যাৰ মাজত ইৰাণৰ মাটিৰ পৰা পোনপটীয়া আক্ৰমণসমূহো অন্তৰ্ভুক্ত আছে।” তেওঁ লগতে কয়, “পৃথিৱীৰ আন সকলো সাৰ্বভৌম দেশৰ দৰে ইজৰাইলৰো সঁহাৰি দিয়াৰ অধিকাৰ আৰু কৰ্তব্য আছে।” ইয়াৰ প্ৰত্যুত্তৰত এজন ইৰানী বিষয়াই কৈছিল যে দেশখনে যিকোনো ইজৰাইলী “আক্ৰমণ”ৰ প্ৰতি সঁহাৰি দিবলৈ সাজু হৈ আছে।