প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমান আমেৰিকা ভ্ৰমণত আছে, য’ত তেওঁ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰাৰ কথা । কোৱা হৈছে যে তেওঁৰ এই ভ্ৰমণৰ সময়ত মোদীয়ে ট্ৰাম্প চৰকাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ইলন মাস্ককো সাক্ষাৎ কৰিব । দক্ষিণ এছিয়াৰ বজাৰত ষ্টাৰলিংকৰ প্ৰৱেশ সন্দৰ্ভত মোদী আৰু মাস্কৰ মাজত আলোচনা হোৱাৰ সম্ভাৱনা আছে ।
এক সংবাদ সংস্থাই এই পৰিকল্পনাৰ সৈতে পৰিচিত দুজন ব্যক্তিৰ উদ্ধৃতি দি কয় যে মাস্কে হয়তো প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠকত মিলিত হ’ব পাৰে আৰু ভাৰত চৰকাৰে আশা কৰিছে যে ইয়াৰ ভিতৰত ষ্টাৰলিংকৰ ভাৰতত চেটেলাইট ব্ৰডবেণ্ড সেৱা আৰম্ভ কৰাৰ পৰিকল্পনাও অন্তৰ্ভুক্ত হ’ব পাৰে । সূত্ৰই জনোৱা মতে এই পৰিকল্পনা ব্যক্তিগত ।
ভাৰতত কাম আৰম্ভ কৰিব বিচাৰিছে ষ্টাৰলিংকে-
ভাৰতত কাম আৰম্ভ কৰিব বিচাৰিছে ষ্টাৰলিংকে । নিলামতকৈ স্পেকট্ৰম আবণ্টন দিব লাগে বুলি মাস্কৰ ধাৰণাক ভাৰত চৰকাৰে সমৰ্থন কৰিছে । অৱশ্যে ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰ সন্দৰ্ভত আবেদন এতিয়াও পৰ্যালোচনা চলি আছে ।
এটা সূত্ৰই কয় যে, ‘ভাৰতত তথ্য সংৰক্ষণ কৰাকে ধৰি ভাৰতৰ নিৰাপত্তাজনিত চিন্তাৰ ওপৰত আশ্বাস দিবলৈ মাস্ক সন্মত হৈছে ।’
প্ৰতিবেদন অনুসৰি ডিচেম্বৰ মাহত কৰ্তৃপক্ষই দুটা ষ্টাৰলিংক ডিভাইচ জব্দ কৰাৰ পিছত মাস্কে ভাৰতত ষ্টাৰলিংক চেটেলাইট ইন্টাৰনেট নিষ্ক্ৰিয় কৰাৰ কথা ঘোষণা কৰিছিল । কৰ্তৃপক্ষই কোম্পানীটোৰ দুটা যন্ত্ৰ জব্দ কৰিছিল, এটা সশস্ত্ৰ সংঘাতৰ অঞ্চলৰ আৰু আনটো ড্ৰাগছ সৰবৰাহৰ গোচৰৰ ।
সূত্ৰৰ উদ্ধৃতি দি প্ৰতিবেদনত কোৱা হৈছে যে টেছলাৰ ভাৰতত প্ৰৱেশৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদী আৰু মাস্কৰ মাজত আলোচনা হ’ব নে নহয় সেয়া স্পষ্ট হোৱা নাই । অৱশ্যে ভাৰতৰ পৰা বৈদ্যুতিক বাহনৰ উপাদানসমূহৰ উৎস বৃদ্ধিৰ সন্দৰ্ভত বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে ।
ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰীয়ে-
দুদিনীয়া আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিব । তিনিদিনীয়া ফ্ৰান্স ভ্ৰমণৰ সামৰণি মাৰি আমেৰিকা ভ্ৰমণলৈ গৈছে প্ৰধানমন্ত্ৰী মোদী । ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকাল আৰম্ভ হোৱাৰ পিছত এইটোৱেই হ’ব প্ৰধানমন্ত্ৰী মোদীৰ আমেৰিকা ভ্ৰমণ ।