ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে লাভ কৰিছে মৃত্যুৰ ভাবুকি । ইমেইলৰ জৰিয়তে গম্ভীৰলৈ এই ভাবুকি প্ৰেৰণ কৰা হৈছে । য’ত কোনোবাই মাত্ৰ তিনিটা শব্দ লিখিছিল – মই তোমাক মাৰি পেলাম (I Will Kill You) । লগে লগে গম্ভীৰে এই ইমেইলৰ বিষয়ে আৰক্ষীক অৱগত কৰি আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰে । বিষয়টোৰ গুৰুত্ব দেখি ততাতৈয়াকৈ সক্ৰিয় হৈ পৰিছে দিল্লী আৰক্ষী । প্ৰাৰম্ভিক তদন্ত অনুসৰি এই ভাবুকি দিছে কাশ্মীৰ আইছিছে ।
আৰক্ষী বিষয়াসকলৰ মতে, ইমেইল প্ৰেৰকক চিনাক্ত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে । ইয়াৰ বাবে চাইবাৰ চেলৰ দলে ইমেইলটো ট্ৰেক কৰাৰ চেষ্টা চলাইছে আৰু কাৰিকৰী বিশ্লেষণৰ জৰিয়তে বিষয়টোৰ ওপৰত তদন্ত কৰি আছে । এই ইমেইল কোনে আৰু ক’ৰ পৰা প্ৰেৰণ কৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।
ইফালে গৌতম গম্ভীৰৰ কাৰ্যালয়ে জনাইছে যে গৌতম গম্ভীৰলৈ ‘আইছিছ কাশ্মীৰ’ৰ পৰা মৃত্যুৰ ভাবুকি আহিছে । বুধবাৰে তেওঁ দিল্লী আৰক্ষীৰ সৈতে যোগাযোগ কৰি এই বিষয়ত এফ আই আৰ পঞ্জীয়ন কৰে । ইয়াৰ সমান্তৰালকৈ তেওঁ পৰিয়ালৰ নিৰাপত্তা বৃদ্ধিৰ বাবেও দাবী জনাইছে ।
এই বিষয়ত দিল্লী আৰক্ষীৰ এক বিবৃতি প্ৰকাশ পাইছে । দিল্লী আৰক্ষীয়ে জনাইছে- গৌতম গম্ভীৰক ভাবুকি দিয়া এটা ইমেইলৰ বিষয়ে আমি তথ্য লাভ কৰিছো । আমি এই বিষয়ে তদন্ত কৰি আছো । ইতিমধ্যে গম্ভীৰ দিল্লী আৰক্ষীৰ সুৰক্ষাৰ অধীনত আছে । তেওঁৰ সুৰক্ষাৰ সৈতে জড়িত নিৰ্দিষ্ট তথ্য আমি ৰাজহুৱা কৰিব নোৱাৰো ।