ইণ্ডোনেছিয়াৰ জাভাত অৱস্থিত ছেমেৰু আগ্নেয়গিৰি সোমবাৰে স্থানীয় সময় অনুসৰি পুৱা ০৩:৩৫ বজাত পুনৰ বিস্ফোৰণ ঘটে । বিস্ফোৰণৰ ফলত শৃংগৰ পৰা এক কিলোমিটাৰ ওপৰলৈ ছাই বিয়পি পৰে । ছেমেৰু আগ্নেয়গিৰি পৰ্যবেক্ষণ চকীৰ এজন বিষয়াই জনোৱা মতে, এই বিস্ফোৰণটো ১২২ ছেকেণ্ডৰ আৰু উল্লেখযোগ্য সৰ্বোচ্চ প্ৰসাৰণৰ ভূমিকম্প গ্ৰাফৰ দ্বাৰা ৰেকৰ্ড কৰা হৈছে । ইয়াৰ পূৰ্বে স্থানীয় সময় অনুসৰি পুৱা ০১:৪৭ বজাত ১৪৬ ছেকেণ্ডৰ বিস্ফোৰণ সংঘটিত হয় যাৰ ফলত এক কিলোমিটাৰ উচ্চতাৰ ছাইৰ স্তম্ভ এটাৰ সৃষ্টি হয় ।
চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা ২০২৪ চনৰ ১১ নৱেম্বৰলৈকে মাউণ্ট ছেমেৰুত ১,৭৩৮ বাৰ বিস্ফোৰণ ঘটিছে । চেণ্টাৰ ফৰ ভলকেন’লজী এণ্ড জিঅ’লজিকেল হেজাৰ্ড মিটিগেশ্যনে শিখৰৰ পৰা ৮ কিলোমিটাৰৰ ভিতৰত কোনো ধৰণৰ কামত নিষেধাজ্ঞা আৰোপ কৰিছে । ইয়াৰ ভিতৰত বেছুক কোবোকান নদীৰ পাৰো অন্তৰ্ভুক্ত, য’ত গৰম ছাইৰ ডাৱৰ আৰু লাভা প্ৰবাহৰ আশংকা থাকে ।
জাৰি কৰা হৈছে সতৰ্কবাণী-
বিস্ফোৰণৰ তীব্ৰতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি শিখৰৰ পৰা ১৩ কিলোমিটাৰ পৰ্যন্ত গৰম ছাই আৰু লাভা বৈ যোৱাৰ সম্ভাৱনাৰ বিষয়েও বিষয়াসকলে সকীয়াই দিছে । ইয়াৰ আগতে ইণ্ডোনেছিয়াৰ মাউণ্ট লেভ’টবি ৭ নৱেম্বৰত পুনৰ বিস্ফোৰণ ঘটে । বিস্ফোৰণৰ ফলত ছাই ৫ হাজাৰ মিটাৰ উচ্চতালৈ বিয়পি পৰে । ইয়াৰ পিছত সৰ্বোচ্চ বিমান সতৰ্কবাণী জাৰি কৰা হয় । এই তথ্য চেণ্টাৰ ফৰ ভলকেন’লজী এণ্ড জিঅ’লজিকেল ডিজাষ্টাৰ মিটিগেশ্যনে দিছে । মাউণ্ট লেভোটবি ইষ্ট নুছা টেংগাৰা প্ৰদেশত অৱস্থিত ।
ইণ্ডোনেছিয়াত প্ৰায় ১৩০টা সক্ৰিয় আগ্নেয়গিৰি আছে যিবোৰ পেচিফিক ৰিং অৱ ফায়াৰৰ অংশ । দেশখনত সৰ্বাধিক আগ্নেয়গিৰি বিস্ফোৰণৰ ফলত কৃষিভূমিৰ ক্ষতিসাধন হৈছে । এই বিস্ফোৰণৰ ফলত চুনামী, ধ্বংসাৱশেষৰ প্ৰবাহ, পাইৰ’ক্লাষ্টিক প্ৰবাহ আদিও হয় ।