ইজৰাইলে ইৰাণৰ ওপৰত এতিয়ালৈকে ইয়াৰ আটাইতকৈ ডাঙৰ সামৰিক আক্ৰমণ আৰম্ভ কৰিছে । ইৰাণৰ ৰাজধানী তেহৰাণ আৰু ইয়াৰ আশে-পাশে ইৰাণৰ সামৰিক ঘাটিসমূহ আক্ৰমণ কৰিছে ইজৰাইলে । ইয়াৰ মাজতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ২৬ অক্টোবৰত এক বিবৃতি জাৰি কৰি পশ্চিম এছিয়াত বাঢ়ি অহা সংঘাতক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে ।
ইৰাণৰ ওপৰত ইজৰাইলৰ আক্ৰমণ সন্দৰ্ভত বৈদেশিক মন্ত্ৰালয়ে এক চৰকাৰী বিবৃতি জাৰি কৰি কয় যে হিংসা কাৰো হিতৰ বাবে নহয় । বিদেশ মন্ত্ৰীলয়ে সংশ্লিষ্ট সকলোকে সংযম অৱলম্বন কৰিবলৈ, আলোচনা আৰু কূটনীতিৰ পথলৈ উভতি আহিবলৈ আহ্বান জনাইছে ।
“এই ধৰণৰ হিংসা কাৰো হিতৰ বাবে নহয়”
বিবৃতিটোত নিৰীহ বন্দী আৰু অসামৰিক লোকসকলৰ দুৰ্দশাৰ কথা উল্লেখ কৰি কোৱা হৈছে যে এনে ধৰণৰ হিংসাই কাৰো হিত নাসাধে । একে সময়তে, অঞ্চলটোত ভাৰতীয় মিছনসমূহে তেওঁলোকৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰাৰ বাবে ভাৰতীয় সম্প্ৰদায়ৰ সৈতে যোগাযোগ কৰি আছে ।
ইজৰাইলী ৰাষ্ট্ৰদূতে ভাৰতত কি কয় ?
মুম্বাইত ইজৰাইলৰ কনচুল জেনেৰেল কোবি শোশানীয়ে কয়, “ইজৰাইলে ইৰাণৰ ওপৰত চাৰ্জিকেল ষ্ট্ৰাইক চলাইছে, যিটো শেহতীয়া বেলিষ্টিক মিছাইল আক্ৰমণৰ প্ৰতিক্ৰিয়া আছিল । ইজৰাইলে কেৱল সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লৈছিল, আনহাতে ইৰাণ আৰু ইয়াৰ মিত্ৰশক্তিৰ আক্ৰমণত অসামৰিক লোক হতাহত হৈছিল । ইজৰাইলে মধ্য প্ৰাচ্যৰ যিকোনো স্থানত উপনীত হ’ব পাৰে আৰু ইৰাণৰ সঁহাৰিৰ বাবে অপেক্ষা কৰি আছে,”- শোশানীয়ে কয় ।