শনিবাৰে পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, বিগত এবছৰ ধৰি গাজাত চলি থকা যুদ্ধত ৪৩ হাজাৰৰো অধিক পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে । ইয়াৰে আধাতকৈ অধিক মহিলা আৰু শিশু । মন্ত্ৰালয়ৰ তথ্য অনুসৰি, এইসকলৰ ভিতৰত বিগত দুদিনত চিকিৎসালয়লৈ অনা ৯৬জন মৃত লোকো আছে । ইফালে ইজৰাইলী সেনাই যোৱা সপ্তাহৰ শেষৰ ফালে এখন চিকিৎসালয়ত আক্ৰমণকে ধৰি উত্তৰ গাজাত অভিযান আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে । শুকুৰবাৰে বেইট লাহিয়াৰ কমাল আদৱান হাস্পতালত দমন চলোৱাৰ পিছতে সেনাই ১০০ জন সন্দেহযুক্ত হামাছৰ যোদ্ধাক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ।
আই ডি এফে চিকিৎসালয়ৰ স্বাস্থ্যকৰ্মীক বন্দী কৰে : স্বাস্থ্য সংস্থা
বিশ্ব স্বাস্থ্য সংস্থাই ইজৰাইলক ৪৪ জন চিকিৎসালয়ৰ কৰ্মচাৰীক আটক কৰি ৰখাৰ অভিযোগ উত্থাপন কৰিছে । পেলেষ্টাইনৰ চিকিৎসা বিষয়াসকলে কয় যে চিকিৎসালয়খন এই আক্ৰমণত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে । চিকিৎসালয়খনত প্ৰায় ২০০ ৰোগী চিকিৎসাধীন হৈ আছিল । আই ডি এফে কয় যে হামাছ আৰু অন্যান্য উগ্ৰপন্থীয়ে চিকিৎসালয়সমূহ সামৰিক কামত ব্যৱহাৰ কৰিছে । আনহাতে পেলেষ্টাইনৰ চিকিৎসা বিষয়াসকলে এই অভিযোগ নাকচ কৰি আই ডি এফৰ বিৰুদ্ধে ইচ্ছাকৃতভাৱে সাধাৰণ নাগৰিকৰ জীৱন বিপন্ন কৰাৰ অভিযোগ উত্থাপন কৰিছে ।
উত্তৰ গাজা খালী কৰাৰ সতৰ্কবাণী ইজৰাইলী সেনাৰ-
নাম প্ৰকাশ নকৰাৰ চৰ্তত ইজৰাইলৰ এজন সামৰিক বিষয়াই দ্য এছ’চিয়েটেড প্ৰেছক জনোৱা মতে, চিকিৎসালয়ৰ ভিতৰত নহয়, কমাল আদৱান হাস্পতালৰ আশে-পাশেহে তীব্ৰ যুদ্ধ সংঘটিত হৈছে । তেওঁ কয় যে চিকিৎসালয়খনত একাংশ যোদ্ধা চিকিৎসকৰ বেশত আছিল । সেয়েহে তেওঁক গ্ৰেপ্তাৰ কৰা হয় । ইজৰাইলৰ সেনাই উত্তৰ গাজাৰ বাসিন্দাসকলক বিগত তিনি সপ্তাহ ধৰি বৃহৎ পৰিসৰৰ দমন চলোৱা অঞ্চলসমূহ খালী কৰিবলৈ কয় । এজন বিষয়াই জনোৱা মতে, জাবালিয়াত এই অভিযান আৰু কেইবা সপ্তাহ ধৰি চলি থাকিব ।
উত্তৰ গাজাত আবদ্ধ চাৰি লাখ লোক, অনাহাৰ বিয়পিছে : ৰাষ্ট্ৰসংঘ
চলিত মাহৰ আৰম্ভণিতে ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা অনুসৰি উত্তৰ গাজাত এতিয়াও কমেও ৪ লাখ লোক আবদ্ধ হৈ আছে আৰু মানৱীয় সাহায্যৰ অভাৱৰ বাবে অনাহাৰ ব্যাপকভাৱে বিয়পি পৰিছে । গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা কমেও ৪৩,০২০ লোক নিহত হৈছে আৰু ১,০১,১১০ লোক আহত হৈছে । মন্ত্ৰালয়ে হামাছৰ যোদ্ধা আৰু সাধাৰণ নাগৰিকৰ মাজত পাৰ্থক্য কৰা নাই । ইজৰাইলৰ নিৰাপত্তাৰক্ষীৰ বেৰ ভাঙি হামাছৰ যোদ্ধাসকলে ৭ অক্টোবৰত অনুপ্ৰৱেশ কৰাৰ পিছত যুদ্ধ আৰম্ভ হয় । য’ত প্ৰায় ১২০০ লোকৰ মৃত্যু হৈছিল । ইয়াৰে অধিকাংশই আছিল সাধাৰণ নাগৰিক । ইয়াৰ উপৰিও দুশ পঞ্চাশজন লোকক অপহৰণ কৰা হয় ।