ইজৰাইলৰ তেল আভিভ চহৰত তিনিখনকৈ বাছত এটাৰ পিছত এটাকৈ শক্তিশালী বিস্ফোৰণ হৈছিল।আৰক্ষীয়ে ইয়াক এটা সম্ভাৱ্য সন্ত্ৰাসবাদী আক্ৰমণ বুলি বৰ্ণনা কৰিছে। এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ নাই।
ঘটনাৰ পিছতে আৰক্ষীয়ে চলোৱা অনুসন্ধানৰ সময়ত, আন দুখন বাছত অতিৰিক্ত বিস্ফোৰক পোৱা গৈছিল।তাৰ পিছতেই আৰক্ষীৰ লোকসকলে জনতাক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে।
এই বিস্ফোৰণবোৰ বাট য়ামত সংঘটিত হৈছে।আৰক্ষীয়ে জানিবলৈ দিয়া মতে তেওঁলোকে আন দুখন বাছত উদ্ধাৰ হোৱা বিস্ফোৰক ইতিমধ্যে নিষ্ক্ৰিয় কৰিছে।
ঘটনাটো তেতিয়া সংঘটিত হৈছিল যেতিয়া হামাছে গাজাৰ পৰা চাৰিজন ইজৰাইলী বন্দীৰ মৃতদেহ ঘূৰাই দিছিল।ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী কাটজে আইডিএফক পশ্চিম তীৰত অৱস্থিত শৰণাৰ্থী শিবিৰসমূহত নিৰাপত্তা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছে।
সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে এটা পাৰ্কিং লটত ৰখাই থোৱা কেইবাখনো বাছত দাউ দাউ জ্বলি আছিল।