হোলীৰ পূর্বে ইছৰোৱে দেশক এটা ডাঙৰ উপহাৰ দিছে ৷ ইছৰোৱে সফলতাৰে স্পেডেক্স উপগ্ৰহ আনডক কৰিছে । ইয়াৰ লগে লগে চন্দ্ৰযান-৪ৰ বাবে বাট মুকলি হৈছে । আচলতে মহাকাশত উপগ্ৰহবোৰক একেলগে সংযোগ কৰা প্ৰক্ৰিয়াটোক ডকিং আৰু পৃথক কৰা প্ৰক্ৰিয়াটোক আনডকিং বোলা হয় । ইয়াৰ পূৰ্বে ইছৰোৱে ২০২৪ চনৰ ৩০ ডিচেম্বৰৰ নিশা ১০ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা মহাকাশ ডকিং পৰীক্ষা (SPADEX) আৰম্ভ কৰিছিল । এই অভিযানৰ সফলতাই ভাৰতীয় মহাকাশ কেন্দ্ৰ আৰু চন্দ্ৰযান-৪ৰ দৰে মানৱ মহাকাশ অভিযান স্থাপনৰ পথ প্ৰশস্ত কৰে ।
কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জীতেন্দ্ৰ সিঙে এই সাফল্যৰ বাবে ইছৰোক অভিনন্দন জনাইছে । তেওঁ ‘এক্স’ত পোষ্ট কৰিছে, ‘ইছৰো দলক অভিনন্দন । এইটো প্ৰতিজন ভাৰতীয়ৰ বাবে আনন্দৰ বিষয় । এয়া প্ৰতিজন ভাৰতীয়ৰ বাবে সুখৰ বিষয় । স্পেডেক্স উপগ্ৰহসমূহে অবিশ্বাস্য ডি-ডকিং সম্পূৰ্ণ কৰিছে । ইয়াৰ দ্বাৰা ভাৰতীয় মহাকাশ কেন্দ্ৰ, চন্দ্ৰযান ৪ আৰু গগণযানকে ধৰি ভৱিষ্যতৰ অভিলাষী অভিযানত যথেষ্ট সহায়ক হ’ব । ইয়াৰ দ্বাৰা এই অভিযানসমূহ আগুৱাই নিয়াৰ পথো মুকলি হ’ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অবিৰত পৃষ্ঠপোষকতাই এই উৎসাহ বৃদ্ধি কৰিছে ।
ইয়াৰ পূৰ্বে ১৬ জানুৱাৰীত মহাকাশ খণ্ডত আন এক বৃহৎ জাঁপ মাৰি ভাৰতে বিশ্বৰ নিৰ্বাচিত দেশৰ ক্লাবত যোগদান কৰে । ইছৰোৱে ‘স্পেচ ডকিং এক্সপেৰিমেণ্ট’ (স্পেডেক্স)ৰ অধীনত উপগ্ৰহসমূহ সফলতাৰে ডক কৰিছিল । ইছৰোৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত কৈছিল, ‘ভাৰতে মহাকাশ ইতিহাসত নিজৰ নাম পঞ্জীয়ন কৰিছে ।
ইয়াৰ লগে লগে ভাৰত আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছত এই কৃতিত্ব অৰ্জন কৰা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হয় । ভাৰতৰ মহাকাশ উচ্চাকাংক্ষা যেনে চন্দ্ৰলৈ ভাৰতীয় অভিযান, চন্দ্ৰৰ পৰা নমুনা ঘূৰাই অনা, ভাৰতীয় মহাকাশ কেন্দ্ৰ (BAS) নিৰ্মাণ আৰু পৰিচালনা ইত্যাদিৰ বাবে এই প্ৰযুক্তি অতি প্ৰয়োজনীয় ।