ধৰ্মীয় সংকীৰ্ণতাৰ মাজতে দেখা পোৱা গৈছে হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন । ২৪ বছৰৰ পৰা চলি অহা এখন পূজাত দান কৰিলে দুৰ্গাৰ প্ৰতিমা । চাৰিওদিশে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ সময়তে নলবাৰী এগৰাকী ইছলাম ধৰ্মী লোকে দেখুৱাইছে উৎকৃষ্ট নিদৰ্শন । পেচাত এগৰাকী বাহ বেতৰ সামগ্ৰীৰ ব্যযৱসায়ী মজিব আলীয়ে। উক্ত দুৰ্গা পূজা স্থলীত বিগত ২৬ বছৰে ব্যৱসায় কৰি আহিছে মজিব আলীয়ে।সেয়েহে এইবাৰ পূজাখনত প্ৰতিমাভাগ দান কৰিলে ব্যক্তি গৰাকীয়ে। সাধাৰন বাঁহ বেতৰ ব্যৱসায় কৰা মজিব আলীয়ে মা দুৰ্গাৰ প্ৰতিমাভাগ দান কৰাত উক্ত অঞ্চলটোত যুগ যুগ ধৰি বান্ধ খাই থকা সম্প্ৰীতিৰ এনাজৰীডাল আৰু অধিক টনকিয়াল কৰিব বুলি বিশ্বাসী উদ্যোক্তা সমিতি ।
