ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বাণিজ্যিক অভিযানৰ বাবে মঙলবাৰৰ পৰা ২৫ ঘণ্টীয়া কাউণ্টডাউন অব্যাহত আছে । এই অভিযানৰ অধীনত ইছৰোৱে ইউৰোপীয় মহাকাশ সংস্থা (ই এছ এ)ৰ প্ৰ’বা-৩ (PROBA-3) মহাকাশযান ৪ ডিচেম্বৰত মহাকাশলৈ প্ৰেৰণ কৰিব ।
ইছৰোৰ বিষয়াসকলে এই সন্দৰ্ভত তথ্য দিছিল । বুধবাৰৰ এই উৎক্ষেপণ প্ৰযুক্তি প্ৰদৰ্শন অভিযান হ’ব বুলিও তেওঁলোকে কয় । ইছৰোৰ বাণিজ্যিক শাখা নিউস্পেচ ইণ্ডিয়া লিমিটেডে ইউৰোপীয় মহাকাশ সংস্থাৰ এই বাহনখন উৎক্ষেপণ কৰিব । মঙলবাৰে বিয়লি ৩:০৮ বজাৰ পৰা ২৫ ঘণ্টীয়া কাউণ্টডাউন আৰম্ভ হয় । তেতিয়াৰ পৰাই উৎক্ষেপণৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ কাম চলি আছে ।
অনবৰ্ড অটোনমিটিৰ প্ৰকল্পত (প্ৰবা-৩) দুটা উপগ্ৰহ আছে যি একেলগে সংযুক্ত । দুয়ো একেলগে উৰিব আৰু সূৰ্যৰ বাহিৰৰ বায়ুমণ্ডল অধ্যয়ন কৰিবলৈ পৃথিৱীলৈ অণুবীক্ষণিক তথ্য প্ৰেৰণ কৰিব । দুটা উপগ্ৰহ থকা এই বাহনখন বিশ্বৰ ভিতৰতে প্ৰথমখন বাহন বুলি গণ্য কৰা হৈছে ।