আৱামী লীগ দলক নিষিদ্ধ কৰাৰ ভাবুকিৰ মাজতে বাংলাদেশৰ পৰা বিতাড়িত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কঠোৰ সতৰ্কবাণী জাৰি কৰিছে । তেওঁ কয় যে তেওঁৰ দলটো কোনো “পৰজীৱী” নহয় বা বাঢ়নী পানীৰ সৈতেও ইয়াৰ উত্থান হোৱা নাই । ভাৰতৰ পৰা দিয়া ভাৰ্চুৱেল ভাষণত অন্তৱৰ্তীকালীন চৰকাৰক সকীয়াই দি হাছিনাই কয় যে তেওঁলোকৰ (অন্তৱৰ্তীকালীন চৰকাৰৰ) সাহসে মোক আচৰিত কৰি তুলিছে ।
শ্বেখ হাছিনাই কয় যে ১৯৪৮ চনত তেতিয়াৰ পাকিস্তানত আৱামী লীগ প্ৰতিষ্ঠা কৰি তেতিয়াৰ পূব পাকিস্তানত জনসাধাৰণৰ অধিকাৰ সুনিশ্চিত কৰাৰ অভিযান আৰম্ভ কৰিছিল, স্বাধীনতা সংগ্ৰাম আৰু শেষত ১৯৭১ চনৰ মুক্তিযুদ্ধৰ নেতৃত্ব দিছিল । এই আন্দোলন শ্বেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত চলিছিল । তেওঁ কয় যে তেওঁলোকে বৰ্তমান যিখন দেশত বাস কৰে সেইখন দেশৰ নামো বংগবন্ধু শ্বেখ মুজিবুৰে নামকৰণ কৰিছিল । তেওঁ আৱামী লীগৰ সাংগঠনিক গাঁথনি ব্যৱহাৰ কৰি বংগবাসীক একত্ৰিত কৰি দেশক স্বাধীন কৰি তুলিলে, এই সত্য কোনেও পাহৰিব নালাগে ।
ভাষণৰ সময়ত হাছিনাই প্ৰশ্ন কৰে যে নিষেধাজ্ঞাৰ দাবী কৰাসকলৰ কি অধিকাৰ আছে ? ইয়াৰ উপৰিও তেওঁ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ ওপৰতো ক্ষোভ প্ৰকাশ কৰে । হাচিনাই তেওঁলোকক ফেচিষ্ট বুলি অভিহিত কৰে কাৰণ তেওঁলোকে তেওঁলোকৰ ন্যায্য দাবীৰ বাবে প্ৰচাৰ চলাবলৈ চেষ্টা কৰা শ্ৰমিক, শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অন্যান্যসকলৰ ওপৰত নিৰ্মম দমন চলাইছে ।
হাছিনাই আৰু কয় যে, এতিয়া আমি হিচাপ কৰিব লাগিব যে তেওঁলোকৰ শ্বহীদ তালিকাত কিমান লোক নিহত হৈছিল আৰু সেই তালিকাৰ বাহিৰত আৱামী লীগৰ কৰ্মী, আৰক্ষী, সংখ্যালঘু সম্প্ৰদায়ৰ লোক, শ্ৰমিক, ছাত্ৰ আৰু শিক্ষকৰ মাজত তেওঁলোকে কিমান লোকক হত্যা কৰিছে ।
হাছিনাই কয় যে যেতিয়া তেওঁৰ চৰকাৰ আছিল তেতিয়া ইছলামী ছাত্ৰ শিবিৰ, সোঁপন্থী জামাত-ই-ইছলামীৰ ছাত্ৰ মঞ্চ বা বি এন পিৰ ছাত্ৰ শাখা ছাত্ৰ দলৰ দৰে কোনো বিৰোধী শিবিৰৰ সৈতে জড়িত কোনো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা লাভ কৰাত বাধা দিয়া হোৱা নাছিল আৰু এই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে । কিন্তু আজি যদি কোনো ছাত্ৰৰ লীগৰ লগত কোনো ধৰণৰ সম্পৰ্ক থকা বুলি ধৰা পৰে তেন্তে তেওঁৰ চাৰ্টিফিকেট বাতিল কৰা হয় আৰু তেওঁক পঢ়িবলৈ দিয়া নহয় । এনে পৰিস্থিতিত এই দেশত কোন একনায়কত্ববাদী, ফেচিষ্ট আৰু কাক নিষিদ্ধ কৰা উচিত ?
ভাষণৰ সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ইউনুছৰ ওপৰত তীব্ৰ আক্ৰমণ চলায় । হাছিনাই তেওঁক দখলদাৰী আখ্যা দি কয় যে তেওঁৰ দেশ চলোৱাৰ কোনো সাংবিধানিক ভিত্তি বা আদেশ নাই । বহিঃৰাষ্ট্ৰৰ পৰা পোৱা ধন ব্যৱহাৰ কৰি সু-পৰিকল্পিত আঁচনিৰ জৰিয়তে ক্ষমতালৈ আহি সাধাৰণ ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণক বিপথে পৰিচালিত কৰে । কিন্তু যিসকল লোকে ইউনুছৰ ধনেৰে এই আঁচনি ৰূপায়ণ কৰিলে তেওঁলোকৰ ওপৰত নিশ্চিতভাৱে এদিন বাংলাদেশৰ মাটিত বিচাৰ হ’ব । আৰু ইউনুছে কেনেকৈ নিজৰ কুকৰ্মৰ পৰা মুক্তি পাব… তেওঁৰ প্ৰকৃত মুখখন এতিয়া পৃথিৱীৰ মানুহৰ সন্মুখত উন্মোচিত হৈছে ।