ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ ৩খন খেলৰ, প্ৰথমখন খেল কাইলৈ ৬ অক্টোবৰ, দেওবাৰে সন্ধিয়া ৭:০০ বজাত গ্বালিয়ৰৰ নিউ মাধৱৰাও সিন্ধিয়া ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।
টি-২০ দলৰ অধিনায়কত্ব সূৰ্যকুমাৰ যাদৱৰ হাতত। অভিষেক শৰ্মা আৰু সঞ্জু চেমছনে বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত অপেনিং কৰাৰ সম্ভাৱনা। অধিনায়ক সূৰ্য্যকুমাৰ যাদৱে ৩ নম্বৰত বেটিং কৰিবলৈ আহিব। তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই ৪ নম্বৰত বেটিং কৰিব পাৰে।
টীম ইণ্ডিয়াৰ আন এগৰাকী অল-ৰাউণ্ডাৰ শিৱম ডুবেই বাংলাদেশৰ বিৰুদ্ধে ৫ নম্বৰ স্থানত বেটিং কৰিব পাৰে। শিৱম ডুবেৰ মিডল অভাৰত ছয় আৰু ডেথ অভাৰত উৎকৃষ্ট প্ৰতিভা আছে। এনে পৰিস্থিতিত ৰিয়ান পৰাগে প্লেইং ১১ৰ বাহিৰত বহিবলগীয়া হ’ব পাৰে। ৬ নম্বৰত ফিনিছাৰৰূপে খেলিব পাৰে ৰিংকু সিঙে।
ৱাশ্বিংটন সুন্দৰ আৰু ৰবি বিষ্ণইক স্পিন বলাৰ হিচাপে প্লেইং ১১ত অন্তৰ্ভুক্ত কৰিব পাৰে। । বৰুণ চক্ৰৱৰ্তীয়ে টীম ১১ত স্থান লাভ কৰিব পাৰে।
অৰ্ষদীপ সিং, হৰ্ষিত ৰাণা আৰু মায়ংক যাদৱক প্লেইং ১১ত নিৰ্বাচিত হ’ব পাৰে।
টীম ইণ্ডিয়াৰ প্লেয়িং ১১ কোন কোন ?
অভিষেক শৰ্মা, সঞ্জু চেমছন (উইকেটকীপাৰ), সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, ৰিংকু সিং, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণয়, আৰ্শদীপ সিং, হৰ্ষিত ৰাণা আৰু মায়ংক যাদৱ।
ভাৰত-বাংলাদেশৰ T-20 মেচৰ সময়সীমা
প্ৰথম টি-২০ মেচ – ৬ অক্টোবৰ, সন্ধিয়া ৭.০০ বজাত, গ্বালিয়ৰ
দ্বিতীয় টি-২০ মেচ – ৯ অক্টোবৰ, সন্ধিয়া ৭.০০ বজাত, দিল্লী
৩য় টি-২০ মেচ – ১২ অক্টোবৰ, সন্ধিয়া ৭.০০ বজাত, হায়দৰাবাদ