সীমিত অভাৰৰ শৃংখলাৰ বাবে টীম ইণ্ডিয়াই নকৰে বাংলাদেশ ভ্ৰমণ; চৰকাৰে দিছে নিৰ্দেশ!

টীম ইণ্ডিয়াই নকৰে বাংলাদেশ ভ্ৰমণ

টীম ইণ্ডিয়াই চলিত বৰ্ষত সীমিত অভাৰৰ শৃংখলাৰ বাবে বাংলাদেশ ভ্ৰমণ কৰাৰ কথা আছে যদিও দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক মতানৈক্যৰ বাবে ভাৰতে বিপদত পৰিছে।

চৰকাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক এই ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিছে। এনে হ’লে টীম ইণ্ডিয়াইৰ বাংলাদেশ ভ্ৰমণ বাতিল হ’ব পাৰে।

ভাৰত আৰু বাংলাদেশৰ মাজত অব্যাহত আছে বাণিজ্যিক উত্তেজনা। ১৭ মে’ত ভাৰত চৰকাৰে বাংলাদেশৰ পৰা ৰেডিমেড গাৰ্মেণ্টকে ধৰি সামগ্ৰী আমদানি কৰাৰ ক্ষেত্ৰত বৃহৎ পথৰ নিষেধাজ্ঞা ঘোষণা কৰিছিল।

এই ভ্ৰমণ সন্দৰ্ভত কোৱা হৈছে যে, “বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতি সুস্থিৰ নহয় আৰু কূটনৈতিক অচলাৱস্থাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে বিচিচিআইক এই ভ্ৰমণৰ সৈতে আগবাঢ়ি নাযাবলৈ পৰামৰ্শ দিছে।” অৱশ্যে এই ভ্ৰমণ সন্দৰ্ভত বিচিচিআইয়ে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই।

বৰ্তমানটীম ইণ্ডিয়াই ইংলেণ্ড ভ্ৰমণত আছে য’ত পাঁচখন খেলৰ টেষ্ট শৃংখলা খেলি আছে। ভাৰতৰ ইংলেণ্ড ভ্ৰমণ অহা ৪ আগষ্টলৈ চলিব।

১৭ আগষ্টৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু বাংলাদেশৰ মাজত এদিনীয়া আৰু টি-২০ মেচ শৃংখলা।সূচী অনুসৰি ভাৰতে প্ৰথমে তিনিখন এদিনীয়া মেচ খেলিব।

তাৰ পিছত দুয়োটা দলৰ মাজত তিনিখন মেচৰ টি-২০ শৃংখলা খেলিব। বাংলাদেশ ভ্ৰমণৰ পিছত অক্টোবৰত ভাৰতে ৱেষ্ট ইণ্ডিজক আয়োজন কৰিব লাগিব।

যদি ভাৰতৰ বাংলাদেশ ভ্ৰমণ বাতিল বা পিছুৱাই দিয়া হয় তেন্তে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অনুৰাগীসকলৰ বাবে ই এক আঘাত হ’ব।

আচলতে ৰোহিত আৰু কোহলীয়ে এতিয়া ভাৰতৰ হৈ কেৱল এদিনীয়া মেচত হে খেলিব কাৰণ দুয়োজনেই টেষ্ট আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।

তেওঁলোকৰ অনুৰাগীসকলে বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ৰোহিত-কোহলী যুটিক দেখাৰ আশা কৰিছে যদিও ভাৰতে যদি এই ভ্ৰমণলৈ নাযায়, তেন্তে খেলপথাৰত ৰোহিত আৰু কোহলীক চাবলৈ অধিৰ অপেক্ষা কৰিব লাগিব।

লগতে পঢ়ক: শুভমান গীলৰ দুৰ্দান্ত প্ৰদৰ্শন; অৰ্জন কৰিলে টেষ্ট কেৰিয়াৰৰ প্ৰথমটো দ্বৈত শতক

ভাৰতৰ হাতত ধৰাশায়ী বাংলাদেশ; চেম্পিয়নছ ট্ৰফীত ভাৰতৰ বৃহৎ জয়

আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ত আজি বাংলাদেশৰ বিৰুদ্ধে ভাৰতীয় দলটোৰ প্ৰথমখন খেল অনুষ্ঠিত হৈছিল। এই খেলখনত বাংলাদেশৰ বিৰুদ্ধে ভাৰতে জয় লাভ কৰিছে।

ভাৰতীয় দলটোৱে বাংলাদেশক ৬ উইকেটত পৰাস্ত কৰিছে। মেচখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। খেলখনত বাংলাদেশী দলটোৱে ভাৰতক জয়ৰ বাবে ২২৯ ৰাণৰ লক্ষ্য বান্ধি দিছিল।

বাংলাদেশী দলটোৱে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল।পিছে বাংলাদেশ দলটো ২২৮ ৰাণত অল আউট হৈছিল।

চেম্পিয়নছ ট্ৰফীত শুভমন গীলে শতক অৰ্জন কৰাৰ লগতে কে এল ৰাহুলে ৪১ আৰু ৰোহিত শৰ্মায়ো ৪১ ৰাণ সংগ্ৰহ কৰে।

বলিংৰ ক্ষেত্ৰত মহম্মদ ছামীয়ে ভাৰতৰ হৈ ৫টা উইকেট দখল কৰে।তাৰ পিছত, শুভমান গিলে বাংলাদেশৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন কৰি টীম ইণ্ডিয়াক বিজয়ৰ দিশে আগুৱাই নিয়ে।

দেওবাৰ অৰ্থাৎ ২৩ তাৰিখে অনুষ্ঠিত হ’ব ইণ্ডিয়া-পাকিস্তানৰ হাই হাইভল্টেজ মেচ। যাক লৈ এতিয়া আশাবাদী ক্ৰিকেটৰ অনুৰাগী সকল।