আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন ফেডাৰেল ন্যায়াধীশে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক এটা মোক্ষম আঘাত দিছে। বিচাৰকজনে ট্ৰাম্পৰ কাৰ্যবাহী আদেশক “অসাংবিধানিক” বুলি বৰ্ণনা কৰিছিল।
য’ত তেওঁ জন্মৰ ভিত্তিত নাগৰিকত্বৰ অধিকাৰ সমাপ্ত কৰিছিল।বিচাৰকজনে কাৰ্যবাহী আদেশৰ ওপৰত অস্থায়ী স্থগিতাদেশও প্ৰদান কৰিছে। অৰ্থাৎ বৰ্তমান আমেৰিকাত জন্ম গ্ৰহণ কৰা শিশুৱে তাত নাগৰিকত্ব লাভ কৰি থাকিব।
ট্ৰাম্পে তেওঁৰ দ্বিতীয় কাৰ্যকাল আৰম্ভ হোৱাৰ প্ৰথম দিনাই অৰ্থাৎ ২০ জানুৱাৰীৰ দিনাই আদেশটোত স্বাক্ষৰ কৰিছিল। চাৰিখন গণতান্ত্ৰিক শাসিত ৰাজ্যই ট্ৰাম্পৰ আদেশৰ বিৰুদ্ধে এখন আবেদন দাখিল কৰিছিল।
ৱাশ্বিংটন, এৰিজোনা, ইলিনয় আৰু অৰেগনৰ দৰে গণতান্ত্ৰিক শাসিত ৰাজ্যসমূহে আবেদনখনত দাবী কৰিছিল যে ট্ৰাম্পৰ আদেশে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ চতুৰ্দশ সংশোধনীত দিয়া নাগৰিকত্বৰ অধিকাৰ উলংঘা কৰিছে।
মোকৰ্দমাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ জিলা ন্যায়াধীশ জন কাউফনাৰে শুনানি দিছিল। বৃহস্পতিবাৰে, তেওঁ ট্ৰাম্প প্ৰশাসনক আদেশটো কাৰ্যকৰী কৰা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।
ডনাল্ড ট্ৰাম্পে আমেৰিকাত জন্মগত নাগৰিকত্বৰ অধিকাৰ সমাপ্ত কৰাৰ শপত লোৱাৰ ঠিক পিছতে এক কাৰ্যবাহী আদেশ জাৰি কৰিছিল।
ইয়াৰ উদ্দেশ্য আছিল অবৈধ অনুপ্ৰৱেশকাৰী বা ভিছাত বাস কৰা লোকসকলৰ সন্তানক আমেৰিকাৰ নাগৰিকত্ব প্ৰদান প্ৰতিহত কৰা, যাৰ আমেৰিকাত জন্ম গ্ৰহণ হ’ব।
বিচাৰক জন কাউফনাৰে কয় যে, “মই বুজি নাপাওঁ যে কোনো আইনবিদে কেনেকৈ ক’ব পাৰে যে এই আদেশটো সাংবিধানিক। এইটো মোৰ বাবে ইমান বোধগম্য নহয়।মই চাৰি দশকৰো অধিক সময় ধৰি বেঞ্চত আছো। মোৰ আন কোনো ঘটনা মনত নাই যিয়ে এই ক্ষেত্ৰত এটা স্পষ্ট প্ৰশ্ন উত্থাপন কৰে। এইটো এটা স্পষ্টভাৱে অসাংবিধানিক আদেশ”।