আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কানাডাৰ ওপৰত আৰোপ কৰা শুল্ক কাৰ্যকৰী কৰাৰ লগে লগে দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে । এতিয়া এইক্ষেত্ৰত আনকি কানাডাৰ প্ৰধানমন্ত্ৰীও পিছুৱাই যাবলৈ সাজু নহয় । কানাডাৰ এজন চৰকাৰী বিষয়াই কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কানাডাক শুল্কত কিছু শিথিলতা দিয়াৰ কথা বিবেচনা কৰিলেও কানাডাৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতিশোধমূলক শুল্ক আৰোপ কৰি থাকিব । লগতে কয় যে প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মাজত ফোনযোগে বাৰ্তালাপ হৈছিল ।
কানাডা, মেক্সিকো আৰু চীনৰ ওপৰত মঙলবাৰৰ পৰা কাৰ্যকৰী হ’ল শুল্ক-
উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কানাডা, মেক্সিকো আৰু চীনৰ ওপৰত আৰোপ কৰা আমদানি শুল্ক মঙলবাৰৰ পৰা কাৰ্যকৰী হয় । কানাডা আৰু মেক্সিকোৰ ওপৰত ট্ৰাম্পে ২৫ শতাংশ আমদানি শুল্ক আৰোপ কৰাৰ বিপৰীতে চীনৰ সামগ্ৰীৰ ওপৰত ২০ শতাংশ আমদানি শুল্ক আৰোপ কৰিছে । কিন্তু আমেৰিকাই কানাডাৰ শক্তি সামগ্ৰীৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰি কিছু সকাহ দিবলৈ চেষ্টা কৰিছে ।
আমেৰিকাৰ শুল্কৰ প্ৰতি সঁহাৰি জনাই কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱেও ৩০ বিলিয়ন কানাডিয়ান ডলাৰৰ আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰে । ট্ৰুডোৱে কয় যে আমদানি শুল্ক মূৰ্খামি আৰু কানাডাই ইয়াক বিশ্ব ব্যৱসায় সংস্থাত প্ৰত্যাহ্বান জনাব । আমেৰিকায়ো ইংগিত দিছে যে ৰাষ্ট্ৰপতি ট্ৰাম্পে কিছুমান শুল্কত সকাহ দিয়াৰ কথা চিন্তা কৰিছে । অৱশ্যে কানাডাই কঠোৰতাৰ ইংগিত দিছে ।
পিছুৱাই যাবলৈ অস্বীকাৰ কৰে কানাডাই –
কানাডাৰ বিত্তমন্ত্ৰী ডমিনিক লেব্লাংকে কয় যে আমি আৰু শুল্ক হ্ৰাস কৰাৰ কোনো বৈঠকত অংশগ্ৰহণ কৰিব নিবিচাৰো । কানাডাই বিচাৰে শুল্ক সম্পূৰ্ণৰূপে আঁতৰোৱা হওক ।” কানাডাৰ অন্টাৰিঅ’ প্ৰদেশৰ ডাগ ফৰ্ডে কয় যে এইটো “শূন্য শুল্ক বা একো নহয়”। এই সকলোবোৰ আমাৰ দেশৰ পৰা আৰম্ভ হোৱা নাছিল । ৰাষ্ট্ৰপতি ট্ৰাম্পে এই সকলোবোৰ আৰম্ভ কৰিছিল । যদি তেওঁলোকে আমাৰ দেশ আৰু আমাৰ ৰাজ্যৰ বিৰুদ্ধে অৰ্থনৈতিক যুদ্ধ চলাব বিচাৰে তেন্তে আমিও দৃঢ়তাৰে প্ৰস্তুত ।