আমেৰিকাৰ আক্ৰমণত ক্ষতি হোৱা নাই কোনো পাৰমাণৱিক ঘাটী
ইজৰাইল আৰু ইৰাণৰ মাজত হোৱা যুদ্ধত এনে এটা ঘটনা সংঘটিত হৈছে যাৰ ওপৰত সমগ্ৰ বিশ্বৰ চকু আছিল । এতিয়া আমেৰিকাও এই যুদ্ধত প্ৰৱেশ কৰিছে । ইৰাণৰ পাৰমাণৱিক ঘাটী ফৰ্ডো, ইছফাহান আৰু নাটাঞ্জ আক্ৰমণ কৰিছে আমেৰিকাই । এই আক্ৰমণ নিশা প্ৰায় ২:৩০ বজাত সংঘটিত হৈছিল, য’ত আমেৰিকাই ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সম্পূৰ্ণৰূপে ধ্বংস কৰা বুলি দাবী কৰিছিল । আনহাতে, এই আক্ৰমণৰ ফলত হোৱা ক্ষতি সন্দৰ্ভত ইৰাণৰ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে । ইৰাণৰ ৰাষ্ট্ৰীয় পাৰমাণৱিক সুৰক্ষা ব্যৱস্থা কেন্দ্ৰই প্ৰকাশ কৰিছে যে এই আক্ৰমণৰ পিছত ক’তো তেজস্ক্ৰীয় বিকিৰণৰ কোনো লক্ষণ পোৱা নগ’ল । আনহাতে ছৌদি আৰবেও ইৰাণৰ এই দাবী নিশ্চিত কৰি তাত কোনো ধৰণৰ বিকিৰণ পোৱা নাই বুলি দাবী কৰে ।
ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে, কেন্দ্ৰটোত থকা সকলো ৰেডিয়চন ডিটেক্টৰৰ অৱস্থা স্বাভাৱিক আৰু এতিয়ালৈকে কোনো ধৰণৰ ৰেডিয়েশ্যন লিক ৰেকৰ্ড কৰা হোৱা নাই । ইৰাণৰ সংবাদ মাধ্যমে দাবী কৰিছে যে ফৰ্ডোৰ ওচৰত বাস কৰা লোকসকলে কোনো ডাঙৰ বিস্ফোৰণ শুনা নাছিল আৰু অঞ্চলটোৰ পৰিস্থিতি স্বাভাৱিক হৈয়ে আছে ।
দেওবাৰে পুৱা এই আক্ৰমণৰ পিছত মাটিৰ ভিতৰৰ গভীৰতাত নিৰ্মিত এই সুবিধাৰ গুৰুতৰ ক্ষতি হ’ব পাৰে আৰু বিকিৰণৰ বিপদ হ’ব পাৰে বুলি আশংকা কৰা হৈছিল । আনহাতে, ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ গালিবাফৰ শীৰ্ষ উপদেষ্টা মেহদি মহম্মদীয়ে প্ৰকাশ কৰে যে ইৰাণে দীৰ্ঘদিন ধৰি ফৰ্ডো পাৰমাণৱিক ঘাটীৰ ওপৰত আক্ৰমণৰ আশংকা কৰি আছিল । সেয়েহে বহু আগতেই এই স্থান খালী কৰা হৈছিল ।
আমেৰিকাৰ আক্ৰমণৰ আটাইতকৈ ডাঙৰ লক্ষ্য আছিল ফৰ্ডো পাৰমাণৱিক ঘাটী । ৰাজধানী তেহৰাণৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ফৰ্ডো পাৰমাণৱিক ঘাটি । এই পাৰমাণৱিক ঘাটিটো অতি গুৰুত্বপূৰ্ণ আৰু ইয়াক মাটিৰ পৰা প্ৰায় ৮০ৰ পৰা ১০০ মিটাৰ তলত অৰ্থাৎ প্ৰায় ৩০ মহলীয়া অট্টালিকাৰ গভীৰতাত নিৰ্মাণ কৰা হৈছে, য’ত ইৰাণৰ জীৱন বাস কৰে । এই সমগ্ৰ অঞ্চলটো পাহাৰীয়া, গতিকে মাটিৰ তলত অৱস্থিত এই পাৰমাণৱিক ঘাটিটোত প্ৰৱেশ কৰাটো সহজ নাছিল । কিন্তু এতিয়া আমেৰিকাই এই পাৰমাণৱিক ঘাটিটোক নিজৰ লক্ষ্য হিচাপে লৈছে ।
লগতে পঢ়ক : ইজৰাইলৰ সৈতে যুদ্ধত প্ৰৱেশ আমেৰিকাৰ ! ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত আক্ৰমণ