আহমেদাবাদত অনুষ্ঠিত কংগ্ৰেছৰ অধিৱেশনত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে নিজৰ দলৰ ইতিহাসৰ বিষয়ে কয়।
তেওঁ কয়, “১০০ বছৰ আগতে মহাত্মা গান্ধী কংগ্ৰেছ দলৰ সভাপতি হৈছিল আৰু ১৫০ বছৰ আগতে চৰ্দাৰ পেটেল জীৰ জন্ম হৈছিল।”
এই দুয়োগৰাকী কংগ্ৰেছ দলৰ ভেটি। তেওঁ ক’লে যে মই পিছপৰা মানুহৰ বাবে কাম কৰি আছো।”
কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে কয় যে তেলেংগানাত জাতি লোকপিয়ল কৰি আমি এক বৈপ্লৱিক পদক্ষেপ গ্ৰহণ কৰিছো।তেওঁ কয়, “এই দেশত কাৰ কি অংশগ্ৰহণ আছে সেইটো আমি বিচাৰি উলিয়াব লাগিছিল।
সংসদত মই প্ৰধানমন্ত্ৰী মোডীক কৈছিলো যে আপোনালোকে জাতি লোকপিয়ল কৰিব লাগে।”কিমান দলিত আছে, কিমান পিছপৰা মানুহ আছে, কিমান দুখীয়া সাধাৰণ শ্ৰেণীৰ মানুহ আছে দেশখনে জনা উচিত।”
“কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে আমি জাতি লোকপিয়ল কৰিব নিবিচাৰো বুলি পিএম মোডী আৰু আৰএছএছে স্পষ্ট কৰি দিছে।আমি লুকাই থাকিব বিচাৰো”।
“মই তেওঁক ক’লোঁ, আপোনালোকে যিমান বিচাৰে সিমাল লুকাই থাকক ।আমি ইয়াৰ পৰাই জাতি লোকপিয়ল পাছ কৰিম। মই পুনৰ আওৰাইছো যে আমি সমগ্ৰ দেশতে ৫০ শতাংশ সংৰক্ষণৰ দেৱাল ভাঙি দিম”।
“আমি ৫০ শতাংশ সংৰক্ষণৰ দেৱাল ভাঙি দিম। আমি তেলেংগানাত যি কৰিলোঁ, দিল্লীতো সমগ্ৰ ভাৰতৰ বাবে একে কাম কৰিবলৈ ওলাইছো।”