আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ পাকিস্তানৰ মাটিত অনুষ্ঠিত হ’ব। এই ট্ৰফীক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত কাজিয়া অব্যাহত আছে। এই চেম্পিয়নছ ট্ৰফী টুৰ্ণামেণ্টৰ বাবে এতিয়া বিপদত পৰিছে পাকিস্তান।
দৰাচলতে, ভাৰতীয় ক্ৰিকেট বোৰ্ডে (বিচিচিআই) আগন্তুক চেম্পিয়নছ ট্ৰফীৰ বাবে ঘৰুৱা দলটোক পাকিস্তানলৈ প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰিছে ।
ইয়াৰ মাজতে পাকিস্তানৰ প্ৰাক্তন উইকেটকিপাৰ তথা বেটছমেন ৰছিদ লতিফে দিছে এক ডাঙৰ মন্তব্য। ৰছিদ লতিফে কৈছিল যে “তেওঁৰ যদি ক্ষমতা থকা হয়, তেন্তে তেওঁ পাকিস্তানক কোনো প্ৰতিযোগিতাত ভাৰতৰ বিৰুদ্ধে খেলিবলৈ নিদিলেহেঁতেন।
তেওঁ এইটোও পৰামৰ্শ দিছিল যে আইচিচিয়ে দুয়োখন দেশক তেওঁলোকৰ সমস্যাবোৰ সমাধান নকৰালৈকে যিকোনো অনুষ্ঠান আয়োজন কৰিবলৈ অনুমতি দিব নালাগে”।
বিচিচিআইয়ে আগন্তুক চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতৰ দলটোক পাকিস্তানলৈ পঠিয়াবলৈ অস্বীকাৰ কৰিছে আৰু গোটেই প্ৰতিযোগিতাখন পাকিস্তানৰ বাহিৰৰ কোনো দেশলৈ স্থানান্তৰিত কৰিবলৈ অনুৰোধ কৰিছে।
পাকিস্তান ক্ৰিকেট ব’ৰ্ডে (পিচিবি) আন্তৰ্জাতিক ক্ৰিকেট পৰিষদলৈ (আইচিচি) পত্ৰ লিখি প্ৰতিযোগিতাখনৰ বাবে ভাৰতক পাকিস্তান ভ্ৰমণ কৰিবলৈ অক্ষম হোৱাৰ বাবে বিচিচিআইৰ পৰা লিখিত নিশ্চিতকৰণ বিচাৰিছে।
৫৬ বছৰীয়া লতিফে কৈছে যে “পাকিস্তানে ভাৰতৰ বিৰুদ্ধে ক্ৰিকেট খেলা বন্ধ কৰাৰ যথেষ্ট সম্ভাৱনা আছে। যদি মই শাসনত থাকিলোহেঁতেন, হয়, মই এই শক্তিশালী পদক্ষেপ টো ল’ব পাৰিলোহেঁতেন।
মই ইয়াৰ বাবে কাকো দোষ নিদিওঁ। যদি আপুনি (পাকিস্তানত) খেলিব নিবিচাৰে, আমাৰ বিৰুদ্ধে নেখেলিব। যদি মই তাত থাকিলোহেঁতেন, মই এই সিদ্ধান্ত ল’লোহেঁতেন আৰু বিচিচিআইৰ বিৰুদ্ধে যুঁজ দিলোহেঁতেন।”
ইয়াৰ লগতে তেওঁ এইটোও পৰামৰ্শ দিছিল যে “যেতিয়ালৈকে সমস্যাবোৰ সমাধান নহয় তেতিয়ালৈকে আইচিচিয়ে ভাৰত আৰু পাকিস্তান দুয়োকে ডাঙৰ প্ৰতিযোগিতা দিয়াটো বন্ধ কৰিব লাগে।
৩৭ খন টেষ্ট আৰু ১৬৬ খন এদিনীয়া খেলা প্ৰাক্তন উইকেটকিপাৰ বেটছমেনজনে লগতে কয়, “মোৰ মতে, আইচিচিয়ে দুয়োখন দেশৰ মাজৰ সমস্যা সমাধান নোহোৱালৈকে তেওঁলোকৰ বাবে অধিকাৰ ৰখা টো বন্ধ কৰা উচিত”।