আপুনি জানেনে আমি প্ৰতি বছৰে সংবিধান দিৱস কিয় উদযাপন কৰোঁ ? দৰাচলতে, ভাৰতীয় সংবিধান সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবলৈ আৰু আম্বেদকাৰৰ চিন্তা আৰু ধাৰণাসমূহৰ সৈতে সংবিধানৰ গুৰুত্ব বিয়পাবলৈ সংবিধান দিৱস উদযাপন কৰা হয় । কিন্তু আপুনি জানেনে যে কেতিয়া প্ৰথমবাৰৰ বাবে সংবিধান দিৱস উদযাপন কৰা হৈছিল ? ইয়াৰ উপৰিও, ভাৰতীয় সংবিধানৰ বিশেষত্ববোৰ কি ?
ভাৰতৰ সংবিধান দিৱসৰ ইতিহাস-
আমাৰ দেশত প্ৰতি বছৰে ২৬ নৱেম্বৰত সংবিধান দিৱস পালন কৰা হয় । ১৯৪৯ চনৰ এই দিনটোতে ভাৰতৰ সংবিধান গৃহীত হৈছিল । আমাৰ সংবিধানখন প্ৰস্তুত কৰিবলৈ দুবছৰ ১১ মাহ ১৮ দিন লাগিছিল । ইয়াৰ পিছত ১৯৪৯ চনৰ ২৬ জানুৱাৰীত ভাৰত গণৰাজ্যৰ সংবিধান প্ৰস্তুত কৰা হয় যদিও ১৯৫০ চনৰ ২৬ জানুৱাৰীত আনুষ্ঠানিকভাৱে কাৰ্যকৰী কৰা হয় । আমি প্ৰতি বছৰে এই দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰো ।
২৬ নৱেম্বৰত কিয় বেচৰকাৰীভাৱে সংবিধান কাৰ্যকৰী কৰা হ’ল ?
২৬ নৱেম্বৰত কিয় বেচৰকাৰীভাৱে সংবিধান কাৰ্যকৰী হ’ল জানেনে ? আচলতে এই দিনটো সংবিধান সমিতিৰ জ্যেষ্ঠ সদস্য ড০ ছাৰ হৰিসিং গৌৰৰ জন্মদিন ৷ কিন্তু ২০১৫ চনৰ পৰা প্ৰথমবাৰৰ বাবে সংবিধান দিৱস পালন কৰা হয় আৰু তাৰ পিছৰ পৰা প্ৰতি বছৰে ২৬ নৱেম্বৰ দিনটো সংবিধান দিৱস হিচাপে পালন কৰিবলৈ আৰম্ভ কৰি অহা হৈছে ।
একে সময়তে ২০১৫ বৰ্ষত সংবিধানৰ পিতৃ ড° ভীমৰাও আম্বেদকাৰৰ ১২৫ সংখ্যক জন্ম বাৰ্ষিকী পালন কৰা হয় । আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে একে বছৰতে সংবিধান দিৱস উদযাপনৰ সিদ্ধান্ত লোৱা হৈছিল । এই সিদ্ধান্ত গ্ৰহণ কৰিছিল সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে ।