শীতকালত ঠাণ্ডাৰ বাবে মানুহে প্ৰায়ে গোটেই দিনটো ঘৰৰ ভিতৰতে থাকি ৰ’দৰ পৰা আঁতৰি থাকিবলৈ পছন্দ কৰে । কিন্তু আপুনি জানেনে যে এই অভ্যাস আপোনাৰ মানসিক স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ? বিশেষজ্ঞসকলে কৈছে যে সূৰ্যৰ পোহৰৰ পৰা লাভ কৰা ভিটামিন ডিয়ে আমাৰ হাড়ক শক্তিশালী কৰাই নহয় আমাৰ মানসিক স্বাস্থ্য বজাই ৰখাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।
সূৰ্যৰ পোহৰে শৰীৰত চেৰ’টনিনৰ মাত্ৰা বৃদ্ধি কৰে, যি হৈছে এক ‘সুখী হৰম’ন’। এই হৰম’নে মেজাজ উন্নত কৰাৰ লগতে হতাশা দূৰত ৰখাত সহায় কৰে । শীতকালত যেতিয়া মানুহে ৰ’দত কম সময় কটায় তেতিয়া চেৰ’টনিনৰ মাত্ৰা কমি যাব পাৰে, যাৰ ফলত উদ্বেগ, হতাশা আৰু মানসিক চাপৰ দৰে সমস্যা বৃদ্ধি পাব পাৰে । বিশেষজ্ঞসকলে কয় যে শীতকালত দিনবোৰ চুটি আৰু ৰাতি দীঘলীয়া হয়, যাৰ ফলত ৰ’দত সময় কটোৱাৰ সুযোগ কমি যায় । কিন্তু ৰ’দত ওলাই নগ’লে মানসিক স্বাস্থ্যৰ লগতে শাৰীৰিক স্বাস্থ্যতো বেয়া প্ৰভাৱ পেলাব পাৰে ।
সূৰ্যৰ পোহৰ কিয় গুৰুত্বপূৰ্ণ ?
সূৰ্যৰ পোহৰ হৈছে ভিটামিন ডিৰ উত্তম আৰু প্ৰাকৃতিক উৎস । ই কেৱল হাড়ক মজবুত কৰাই নহয় মনক সক্ৰিয় কৰি ৰাখে ।
সূৰ্যৰ পোহৰে চেৰ’টনিনৰ মাত্ৰা বৃদ্ধি কৰে, যিয়ে হতাশা আৰু দুখ হ্ৰাস কৰাত সহায় কৰে ।
সূৰ্যৰ পোহৰে মেলাটনিন হৰম’ন নিয়ন্ত্ৰণ কৰে, যাৰ ফলত টোপনিৰ মান উন্নত হয় ।
ৰ’দত সময় কটোৱাৰ টিপছ-
-পুৱাৰ ৰ’দত ১৫-২০ মিনিট নিশ্চয় বহিব লাগে ।
-অফিচলৈ যোৱাৰ আগতে কিছু সময় মুকলি সূৰ্যৰ পোহৰত খোজ কাঢ়িব লাগে ।
-ঘৰৰ সূৰ্যৰ পোহৰ পৰা ঠাইত বহিব ।