সমাগত শাৰদীয় দুৰ্গোৎসৱ । ৰাজ্যৰ চৌদিশে এতিয়া দেখা গৈছে দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি । ৰাইজক আকৰ্ষণ কৰিবলৈ নানান বিষয়বস্তু তথা দেশ-বিদেশৰ বিভিন্ন মঠ-মন্দিৰ, স্মাৰক আদিৰে মণ্ডপ নিৰ্মাণ কৰিবলৈ পূজা কমিটি সমূহৰ মাজত চলিছে অঘোষিত প্ৰতিযোগিতা । ইতিমধ্যে মৃণ্ময় প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত খনিকৰসকল । ইয়াৰ মাজতে এইবাৰ দুৰ্গাপূজা কিদৰে আয়োজন কৰিব তাকে লৈ পূজা সমিতিৰ বাবে প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা । প্ৰতিখন পূজা কমিটিয়ে পালন কৰিব লাগিব এই নিয়ম, অন্যথা ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমণা । আপুনিও জানি লওক প্ৰশাসনে জাৰি কৰা এই সমূহ নিৰ্দেশনা-
- প্ৰতিখন পূজা সমিতিয়ে পেণ্ডেল, বিদ্যুৎ সংযোগ, অগ্নি সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ।
- জৰুৰীকালীন সেৱাৰ বাবে পূজা সমিতিসমূহে নিৰ্দিষ্ট পথ খোলা ৰাখিব লাগিব ।
- পূজা সমিতিসমূহত মেডিকেল টীম সাজু ৰাখিব লাগিব । লগতে অগ্নিনিৰ্বাপক, বিদ্যুৎ বিভাগৰ পৰা ল’ব লাগিব NOC ।
- প্ৰতিখন পূজা কমিটিয়ে ৰাখিব স্বেচ্ছাসেৱক বাহিনী । স্বেচ্ছাসেৱকৰ তালিকা, নাম, ঠিকনা জমা দিব লাগিব আৰক্ষী থানাত ।
- প্ৰতিজন স্বেচ্ছাসেৱকে লগত ৰাখিব লাগিব পৰিচয় পত্ৰ । স্বেচ্ছাসেৱকৰ তালিকা, নাম, ঠিকনা আৰক্ষী থানাত
জমা দিব লাগিব পূজা কমিটিসমূহে । লগতে প্ৰতিজন স্বেচ্ছাসেৱকে লগত ৰাখিব লাগিব পৰিচয় পত্ৰ । - প্ৰতিখন পূজা সমিতিতে লগাব লাগিব CCTV কেমেৰা । আনহাতে প্ৰতিখন পূজা কমিটিয়ে পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখাৰ লগতে পূজাথলীত পৰ্যাপ্ত খোৱাপানীৰ ব্যৱস্থা কৰিব লাগিব বুলি নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে ।
- বলপূৰ্বকভাৱে কোনো ধৰণৰ চান্দা সংগ্ৰহ কৰিব নোৱাৰিব । পূজা মণ্ডপত উচ্চ স্বৰত বজাব নোৱাৰিব মাইক্ৰ’ফোন ।
- যিকোনো জৰুৰী অৱস্থা হ’লে আৰক্ষী থানাত জনাব লাগিব পূজা কমিটিয়ে ।
- পূজাৰ সময়ত সষ্টম থাকিব দুৰ্যোগ প্ৰশমন বিভাগ । ২৪ ঘন্টাই উপলব্ধ হোৱাকৈ সাজু থাকিব লাগিব হেল্প ডেক্স ।
- প্ৰতিমা বিসৰ্জনৰ সময়ত নিৰ্ধাৰিত পথৰে যাব লাগিব সকলো । পুৱা ১১ বজাৰ পূৰ্বেই দিব লাগিব প্ৰতিমা বিসৰ্জন । লগতে ফুটাব নোৱাৰিব কোনো ধৰণৰ আতচবাজী, ফটকা আদি ।
- ৰাজহুৱা সম্পত্তিৰ ওপৰত কোনো বেনাৰ-প’ষ্টাৰ লগোৱাটো বাধা আৰোপ কৰিছে প্ৰশাসনে । লগতে
পূজা পেণ্ডেলৰ ১০০ মিটাৰ ব্যাসাৰ্ধত কৰিব নোৱাৰিব পাৰ্কিং । - ১০ বজাৰ পিছত লাউড স্পিকাৰত মাইক আদি বজাব নোৱাৰিব ।