আজি অসমীয়াৰ বাপতিসাহোন কাতি বিহু । আজি গাঁৱে গাঁৱে কৃষিজীৱি চহা অসমীয়াই পৰম্পৰাগত ৰীতি-নীতিৰে কাতি বিহুৰ পালনৰ বাবে চলাইছে ব্যাপক প্ৰস্তুতি । অসমীয়াৰ জাতীয় উৎসৱ তিনিটি বিহুৰ অন্যতম এই কাতি অথবা কঙালী বিহু । আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় এই বিহু । অভাৱ-অনাটনৰে ভৰা সময়ত উদযাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয় ।
কাতি বিহুত অসমীয়াই ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি চাকি জ্বলাই নাম গায় । ইয়াৰ লগতে ঘৰৰ চোতালৰ চাৰিওফালে,গোহালি আৰু খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলোৱা হয় । ঠায়ে ঠায়ে আকাশ বন্তি জ্বলোৱাও পৰিলক্ষিত হয় । তুলসীৰ তল, চোতাল আৰু খেতিপথাৰত চাকি জ্বলাই পোক-পতংগৰ পৰা খেতি পথাৰ ডৰা ৰক্ষা কৰি শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰে খেতিয়কে ।
মূলতঃ পোক-পতংগৰ পৰা কেতিপথাৰ ৰক্ষা কৰি শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই পৰম্পৰাগত ৰীতি-নীতিৰে কৃষিজীৱি অসমীয়াই পালন কৰি আহিছে এই বিহু ।