আজি কাতি বিহু; বিষাদৰ মাজতে ঘৰে ঘৰে তুলসীৰ তলত জ্বলিব চাকি
আজি কাতি বিহু
আজি কাতি বিহু। অসমীয়াৰ তিনি বিহুৰ অন্যতম হ’ল এই কঙালী বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এই বিহুক লৈ ব্যস্ত হৈ পৰে প্ৰতিজন চহা অসমীয়া। তুলসী তলৰ চাকিগছি, আকাশবন্তিৰে উদ্ভাসিত হ’ব অসমৰ ইমূৰৰ পৰা সিমূৰ।
প্ৰাণৰ শিল্পী গৰাকীক হেৰুৱাৰ বিষাদৰ মাজতে আজি ৰাজ্যবাসীয়ে ঘৰে ঘৰে তুলসীৰ তলত জ্বলাব চাকি। তুলসী তলৰ চাকিগছি, আকাশবন্তিৰে উদ্ভাসিত হ’ব অসমৰ ইমূৰৰ পৰা সিমূৰ।
তুলসী তলত চাকিগচি জ্বলাই প্ৰতিজন অসমীয়াই পৰিয়ালৰ লগতে দহৰ মংগল কামনা কৰাৰ লগতে কঁপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰাত চাকি জ্বলাই শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰিব।
আকাশ বন্তিৰ পোহৰে উজলাই তুলিব অসমীয়াৰ পদূলি৷কপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা শস্যশ্যামলা হৈ সোণগুটিৰে উপচি পৰাৰ কামনা কৰে চহা কৃষকে। কাতি বিহু উপলক্ষে প্ৰতিঘৰ অসমীয়াই ঘৰ-দুৱাৰ, আলি-পদূলি আদি পৰিষ্কাৰ-পৰিচ্ছন্ন কৰে।
লগতে পঢ়ক: ‘২৩ অক্টোবৰৰ পৰা বিজেপিয়ে চলাব ‘ময়ো জুবিন, আমিও জুবিন’ অভিযান’; মুখ্যমন্ত্ৰী