মহিলা টি-২০ বিশ্বকাপ ২০২৪ ত টীম ইণ্ডিয়াই নিজৰ প্ৰথনখন মেচতে বিফলতাৰ সন্মুখীন হৈছিল । এই মেচখনত হৰমনপ্ৰীত কৌৰ বাহিনীয়ে নিউজীলেণ্ডৰ বিৰুদ্ধে পৰাজিত হৈছিল । যদিও দ্বিতীয়খন মেচত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰি টীম ইণ্ডিয়া ফৰ্মলৈ উভতি আহিছিল, তথাপিও ভাৰতৰ বাবে প্ৰতিযোগিতাখনৰ গ্ৰুপ পৰ্যায়ৰ পৰা ছেমি ফাইনেলৰ অৰ্হতা এতিয়াও যথেষ্ট কঠিন । মঙলবাৰে, নিউজীলেণ্ডে অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব । ভাৰতীয় দলটোৱে পৰৱৰ্তী ৰাউণ্ডত উপনীত হ’বলৈ এই খেলখনৰ পৰা যথেষ্ট আশা ৰাখিছে ।
টীম ইণ্ডিয়াই তেওঁলোকৰ আশা জীয়াই ৰাখিবলৈ কিৱি দলে কেংগাৰু দলক পৰাস্ত কৰিবলৈ কামনা কৰিব লাগিব । ইয়াৰ কাৰণ হৈছে মহিলা টি-২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত ভাৰতে ইয়াৰ বাকী থকা মেচবোৰ জিকিলেও, তেওঁলোকৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জনৰ নিশ্চয়তা নাথাকিব । দলটোৰ দুৰ্বল নেট ৰাণ ৰেট (-১.২১৭) ইয়াৰ আঁৰৰ মুখ্য কাৰণ ।
অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ড বৰ্তমান প্ৰতিযোগিতাখনত উৎকৃষ্ট ফৰ্মত আছে । অষ্ট্ৰেলিয়াৰ নেট ৰান ৰেট +১.৯০৮ আৰু নিউজীলেণ্ডৰ নেট ৰান ৰেট +২.৯০০ । ভাৰতে ইতিমধ্যে নিউজীলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হৈছে । যদি কিৱি দলে অষ্ট্ৰেলিয়াকো পৰাস্ত কৰে তেন্তে হৰমনপ্ৰীত কৌৰৰ মহিলা দলটো বহুত সুখী হ’ব । ই টীম ইণ্ডিয়াৰ মনোবল বৃদ্ধি কৰিব ।
যদি নিউজীলেণ্ডে অষ্ট্ৰেলিয়াক পৰাস্ত কৰে-
যদি নিউজীলেণ্ডে তেওঁলোকৰ বাকী থকা সকলোবোৰ মেচ জিকে, অষ্ট্ৰেলিয়াক পৰাস্ত কৰাৰ পিছত, কিৱি দলে চাৰিখন খেলৰ ভিতৰত চাৰিওখনতে জয়লাভ কৰি তেওঁলোকৰ গ্ৰুপত শীৰ্ষস্থান লাভ কৰিব আৰু ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব । ইয়াৰ পিছত, ভাৰতে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ অষ্ট্ৰেলিয়াক পৰাস্ত কৰিব লাগিব আৰু বাকী সকলো বোৰ মেচ জিকিব লাগিব । অষ্ট্ৰেলিয়া আৰু ভাৰতৰ খেলখন ১৩ অক্টোবৰত অনুষ্ঠিত হ’ব । ইয়াৰ পূৰ্বে, টীম ইণ্ডিয়াই ৯ অক্টোবৰত শ্ৰীলংকাৰ বিৰুদ্ধেও জিকিব লাগিব । এই পৰিস্থিতিত, ভাৰতে চাৰিখন মেচৰ তিনিখন জয় লাভ কৰিব, আনহাতে অষ্ট্ৰেলিয়াৰ দলটোৱে চাৰিখন মেচৰ দুখনত মেচ জিকিব ।
যদি অষ্ট্ৰেলিয়াই নিউজীলেণ্ডক পৰাস্ত কৰে-
যদি অষ্ট্ৰেলিয়াই নিউজীলেণ্ডক পৰাস্ত কৰে, তেন্তে ভাৰতে ছেমিফাইনেলৰ যোগ্যতা অৰ্জনৰ সম্ভাৱনাৰ ক্ষেত্ৰত ডাঙৰ বিফলতাৰ সন্মুখীন হ’ব । অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ড দুয়োটা দলৰে ভাৰততকৈ ভাল নেট ৰাণ ৰেট আছে আৰু পৰৱৰ্তী ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ হৰমনপ্ৰীত বাহিনীয়ে কিছু কষ্ট কৰিব লাগিব ।
যুঁজৰ ক্ষেত্ৰত, নিউজীলেণ্ড আৰু অষ্ট্ৰেলিয়াই ২০০৬ চনৰ পৰা ৫১ খন মহিলা টি-২০ মেচ খেলিছে । কিৱি দলে ২১ খন মেচ জিকিছে, আনহাতে অষ্ট্ৰেলিয়াৰ দলটোৱে ২৮ খন মেচ জিকিছে । যদি অষ্ট্ৰেলিয়াই নিউজীলেণ্ডক পৰাস্ত কৰে, ভাৰতে যিকোনো ক্ষেত্ৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জিকিব লাগিব । লগতে, শ্ৰীলংকাকো বৃহৎ ব্যৱধানত পৰাজিত কৰিব লাগিব, যাতে পিছত নেট ৰাণ ৰেট কেংগাৰুতকৈ ভাল হয় ।