আই পি এল ২০২৫ৰ আজি অনুষ্ঠিত হ’বলগা ৩৯ সংখ্যক মেচখনত মুখামুখি হ’ব কে কে আৰ আৰু গুজৰাট । ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছে পূৰ্বৰ পৰাজয় পাহৰি গুজৰাট টাইটানছৰ বিৰুদ্ধে পুনৰ প্ৰত্যাৱৰ্তনৰ চেষ্টা কৰিব । কলকাতাৰ ইডেন গাৰ্ডেনত আজি সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব এই মেচ । অজিংক্য ৰাহানে নেতৃত্বাধীন কে কে আৰে শেষৰখন খেলত পঞ্জাব কিংছৰ বিৰুদ্ধে পৰাস্ত হয় । ১১২ ৰানৰ সহজ বিজয় লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হৈছিল দলটো ।
এই পৰাজয়ৰ লগে লগে কে কে আৰ পইণ্ট টেবুলৰ সপ্তম স্থানলৈ অৱনমিত হৈছে । এই পৰ্যন্ত সাতখন খেল খেলি তিনিখনত জয় আৰু চাৰিখনত পৰাস্ত হৈছে দলটো । কে কে আৰৰ মিডল অৰ্ডাৰে সংগ্ৰাম কৰি আছে আৰু সেয়েহে দলটো সমস্যাৰ সন্মুখীন হৈছে । ৰিংকু সিং, ভেংকটেশ আয়াৰ, আন্দ্ৰে ৰাছেল আৰু ৰমনদীপ সিঙে আশা কৰা ধৰণে বেটিং কৰাত ব্যৰ্থ হৈছে । যদি কে কে আৰ প্লে অফৰ দৌৰত থাকিব বিচাৰে তেন্তে বেটিং প্ৰদৰ্শন যথেষ্ঠ উন্নত কৰিব লাগিব ।
আনহাতে, শেষৰখন খেলত দিল্লী কেপিটেলছক পৰাস্ত কৰি পইন্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে গুজৰাট টাইটানছ । শুভমন গীলৰ নেতৃত্বত এই দলটোৱে এতিয়ালৈকে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে । দিল্লীৰ বিৰুদ্ধে জোছ বাটলাৰে বিস্ফোৰক বেটিং কৰে । গুজৰাটৰ বেটিং আৰু বলিং দুয়োটা বিভাগৰে প্ৰদৰ্শন শক্তিশালী আছিল । ২০২২ চনৰ চেম্পিয়ন দলটোৰ শক্তি কে কে আৰৰ তুলনাত কিছু অধিক । আজিৰ মেচত গুজৰাটে শীৰ্ষ ক্ৰমত নিজৰ আধিপত্য অব্যাহত ৰাখিবলৈ বিচাৰিব ।