আজি পহিলা এপ্ৰিল আৰু মাহৰ প্ৰথম দিনাৰ পৰাই দেশত বহু ডাঙৰ পৰিৱৰ্তন ৰূপায়ণ হৈছে । এফালে তেল বিপণন কোম্পানীসমূহে এল পি জি চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰি সকাহ দিয়াৰ বিপৰীতে মাহৰ প্ৰথম দিনাৰ পৰা নতুন আয়কৰ স্লেবো কাৰ্যকৰী কৰা হৈছে । ইয়াৰ অধীনত বছৰি ১২ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰা ব্যক্তিসকলক কৰ আদায়ৰ পৰা ৰেহাই দিয়া হ’ব । ইয়াৰ উপৰিও দৰমহাপ্ৰাপ্ত কৰ্মচাৰীসকলে ৭৫ হাজাৰ টকাৰ মানক কৰ্তনৰ যোগ্যতা অৰ্জন কৰিব । আজিৰ পৰা দেশত ৰূপায়িত হোৱা বৃহৎ পৰিৱৰ্তনৰ বিষয়ে বিতংভাৱে জানক…
এল পি জিৰ দাম হ্রাস-
আজিৰে পৰা এপ্ৰিল মাহ আৰম্ভ হৈছে আৰু প্রথম দিনাই এল পি জি চিলিণ্ডাৰৰ দাম হ্ৰাস হৈছে ৷ ২০২৫ চনৰ ১ এপ্ৰিলত তেল আৰু গেছ বিপণন কোম্পানীসমূহে এল পি জি চিলিণ্ডাৰৰ মূল্য সংশোধন কৰি হ্ৰাস কৰিছে । ইয়াৰ পিছতে দিল্লীৰ পৰা মুম্বাইলৈ হ্ৰাস পাইছে চিলিণ্ডাৰৰ দাম । আই অ’ চি এলৰ ৱেবছাইট অনুসৰি ১৯ কেজিৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দিল্লীত দিল্লীত ৪১ টকা হ্ৰাস হোৱাৰ বিপৰীতে কলকাতাত ৪৪.৫০ টকা হ্ৰাস হৈছে । কিন্তু এইবাৰো ১৪ কেজি ঘৰুৱা গেছ চিলিণ্ডাৰৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই ।
১২ লাখ টকা পৰ্যন্ত কৰমুক্ত আয়-
নতুন কৰ বৰ্ষৰ আৰম্ভণিৰ লগে লগে ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা নতুন কৰ স্লেবো কাৰ্যকৰী কৰা হৈছে । ২০২৫ চনৰ বাজেটত চৰকাৰে মধ্যবিত্ত শ্ৰেণীক সকাহ দিয়াৰ বাবে বহু ডাঙৰ ডাঙৰ ঘোষণা কৰিছিল, য’ত কৰ স্লেব, টি ডি এছ, কৰ ৰেহাই আদিৰ পৰিৱৰ্তন সাধন কৰা হৈছিল । পুৰণি আয়কৰ আইন ১৯৬১ৰ ঠাইত নতুন আয়কৰ বিধেয়ক প্ৰস্তাৱ কৰা হৈছিল । এই সকলোবোৰ পৰিৱৰ্তন ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হৈছে ।
নতুন কৰ স্লেবৰ অধীনত বছৰি ১২ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰা ব্যক্তিসকলক কৰ আদায়ৰ পৰা ৰেহাই দিয়া হ’ব । ইয়াৰ উপৰিও দৰমহাপ্ৰাপ্ত কৰ্মচাৰীসকলে ৭৫ হাজাৰ টকাৰ মানক কৰ্তনৰ যোগ্যতা অৰ্জন কৰিব । অৰ্থাৎ ১২.৭৫ লাখ টকা পৰ্যন্ত দৰমহাৰ আয় এতিয়া কৰমুক্ত হ’ব । কিন্তু এই ৰেহাই কেৱল নতুন কৰ বিকল্প বাছি লোৱাসকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য ।
টি ডি এছৰ নিয়মৰ পৰিৱৰ্তন-
নতুন কৰ স্লেবৰ উপৰিও টি ডি এছৰ নিয়মসমূহো আপডেট কৰা হৈছে, অপ্ৰয়োজনীয় কৰ্তন হ্ৰাস আৰু কৰদাতাৰ বাবে নগদ ধনৰ প্ৰবাহ উন্নত কৰিবলৈ বিভিন্ন ধাৰাত সীমা বৃদ্ধি কৰা হৈছে । উদাহৰণস্বৰূপে, জ্যেষ্ঠ নাগৰিকৰ সুতৰ আয়ৰ ওপৰত টি ডি এছৰ সীমা দুগুণ কৰি ১ লাখ টকালৈ বৃদ্ধি কৰা হৈছে, যাৰ ফলত বৃদ্ধসকলৰ আৰ্থিক সুৰক্ষা বৃদ্ধি পাইছে । একেদৰে ভাড়াৰ আয়ৰ ৰেহাইৰ সীমা বছৰি ৬ লাখ টকালৈ বৃদ্ধি কৰা হৈছে, যাৰ ফলত ঘৰৰ মালিকৰ বোজা লাঘৱ হ’ব আৰু চহৰ অঞ্চলত ভাড়াৰ বজাৰখনো বৃদ্ধি পাব পাৰে ।
বেংক একাউণ্টৰ সৈতে জড়িত এই বৃহৎ পৰিৱৰ্তন-
এপ্ৰিল মাহৰ প্ৰথমৰ পৰা ভাৰতীয় ষ্টেট বেংক (এছ বি আই) আৰু পঞ্জাব নেচনেল বেংক (পি এন বি)কে ধৰি বহু বেংকে গ্ৰাহকৰ চেভিংছ একাউণ্টত নূন্যতম বেলেঞ্চৰ সৈতে জড়িত নিয়মসমূহ সংশোধন কৰিছে । বেংকে একাউণ্টধাৰীৰ নূন্যতম বেলেঞ্চৰ বাবে খণ্ডভিত্তিকভাৱে নতুন সীমা নিৰ্ধাৰণ কৰিব আৰু নূন্যতম বেলেঞ্চ একাউণ্টত ৰখা নহ’লে জৰিমনা বিহা হ’ব পাৰে ।
এই পৰিৱৰ্তনসমূহো কাৰ্যকৰী কৰা হৈছে-
ইয়াৰ উপৰিও ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা দেশত বহু পৰিৱৰ্তন কাৰ্যকৰী কৰা হৈছে । এই কোম্পানীসমূহৰ বহু কোম্পানীৰ গাড়ী কিনিবলৈ ব্যয়বহুল হৈ আহিছে, কাৰণ এই কোম্পানীসমূহে প্ৰথম তাৰিখৰ পৰাই নিজৰ গাড়ীৰ দাম বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে । এই বৃদ্ধিৰ আঁৰৰ কাৰণ হিচাপে কোম্পানীসমূহে ইনপুট খৰচ আৰু কেঁচামালৰ মূল্য বৃদ্ধিৰ কথা উল্লেখ কৰিছে ।