প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হৈছে ভাৰতীয় দলৰ বেগী বলাৰ মহম্মদ ছামী । তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিছে আৰু নিজৰ মাৰাত্মক বলিংৰে খেলপথাৰত পুনৰবাৰ চমক দিবলৈ সাজু হৈছে । শীঘ্ৰেই তেওঁক বংগৰ হৈ ৰঞ্জী ট্ৰফী মেচ খেলা দেখা যাব ।
এবছৰৰ মূৰত ঘূৰি আহিবলৈ সাজু হৈছে ছামী-
অভিজ্ঞ বলাৰ মহম্মদ ছামী এবছৰৰ অন্তত খেলপথাৰলৈ ঘূৰি আহিবলৈ সাজু হৈছে । শেষবাৰৰ বাবে তেওঁক ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত খেলা দেখা গৈছিল । তেতিয়াৰ পৰাই তেওঁ আঘাতৰ বাবে দলৰ পৰা আঁতৰি আছিল । এতিয়া তেওঁক আকৌ এবাৰ খেলপথাৰত দেখা যাব । ১৩ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া বংগ আৰু মধ্যপ্ৰদেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ বাবে তেওঁক দলৰ অংশ হিচাপে অন্তৰ্ভূক্ত কৰা হৈছে । এই মেচত তেওঁক বংগৰ হৈ খেলা দেখা যাব ।
ভাৰতীয় দললৈ ঘূৰি আহিব পাৰে-
অহা ২২ নৱেম্বৰৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখনীয়া খেলৰ টেষ্ট শৃংখলা খেলিব ভাৰতীয় দলটোৱে । যদিহে আগন্তুক চাৰিদিনীয়া খেলখনত ছামীয়ে নিজৰ ফিটনেছ প্ৰমাণ কৰে, তেন্তে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে তেওঁক দলত অন্তৰ্ভুক্ত কৰিব পৰা যাব বুলি আশা কৰা হৈছে । এই শৃংখলাৰ বাবে বাছনি সমিতিয়ে যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, আকাশ দীপ, প্ৰসিদ্ধ কৃষ্ণ আৰু হৰ্ষিত ৰাণাক নিৰ্বাচিত কৰিছে । একে সময়তে মুকেশ কুমাৰ আৰু খলিল আহমেদক সংৰক্ষিত হিচাপে দলত অন্তৰ্ভুক্ত কৰা হৈছে ।
বংগ ক্ৰিকেটৰ বিবৃতি-
বংগ ক্ৰিকেট সন্থাই জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, “ভাৰতীয় ক্ৰিকেট আৰু বংগ ৰঞ্জী ট্ৰফীৰ বাবে ভাল কথা । মহম্মদ ছামীয়ে পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ ওলাইছে । বুধবাৰৰ পৰা ইন্দোৰত আয়োজক মধ্যপ্ৰদেশৰ বিৰুদ্ধে তেওঁ খেলিব ৰঞ্জি ট্ৰফী । যোৱা বছৰৰ নৱেম্বৰ মাহত ভাৰতৰ হৈ অন্তিমখন খেল খেলা ছামীয়ে মধ্যপ্ৰদেশৰ বিৰুদ্ধে দলটোৰ ফাষ্ট বলিং আক্ৰমণৰ দায়িত্ব ল’ব ।”