ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ অন্যতম দল কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ আই পি এল ২০২৫ৰ বাবে নতুন অধিনায়ক ঘোষণা । ভাৰতীয় ক্ৰিকেট দলৰ বাহিৰত থকা অজিংক্য ৰাহানেক কে কে আৰে অধিনায়ক হিচাপে নিযুক্তি দিছে । একে সময়তে অল-ৰাউণ্ডাৰ ভেংকটেশ আয়াৰক কে কে আৰে সহ-অধিনায়কৰ দায়িত্ব প্ৰদান কৰিছে ।
কলকাতা নাইট ৰাইডাৰ্ছে আনুষ্ঠানিকভাৱে অজিংক্য ৰাহানেক দলৰ অধিনায়ক হিচাপে নিযুক্তি দিছে । একে সময়তে অল ৰাউণ্ডাৰ ভেংকটেশ আয়েৰে সহ-অধিনায়কত্ব লাভ কৰিছে, তেওঁক ফ্ৰেঞ্চাইজিয়ে ২৩.৭৫ কোটি টকাত ক্ৰয় কৰিছিল । নতুন অধিনায়কক ঘোষণা কৰি কে কে আৰৰ চি ই অ’ ভেংকি মহীশূৰে কয় যে, “আজিংক্য ৰাহানেৰ দৰে এজনক পাই আমি আনন্দিত হৈছো, যিয়ে তেওঁৰ অভিজ্ঞতা আৰু পৰিপক্কতা এজন নেতা হিচাপে কঢ়িয়াই আনে । লগতে, ভেংকটেশ আয়াৰে কে কে আৰৰ বাবে এজন ফ্ৰেঞ্চাইজি খেলুৱৈ হৈ আহিছে আৰু তেওঁৰ নেতৃত্বৰ বহু গুণ আছে । আমি নিশ্চিত যে আমি আমাৰ খিতাপ ৰক্ষা আৰম্ভ কৰাৰ লগে লগে তেওঁলোকে এটা ভাল সংমিশ্ৰণ ঘটাব ।”
কে কে আৰৰ অধিনায়কত্ব লাভ কৰাৰ সন্দৰ্ভত অজিংক্য ৰাহানেই কয়, “আই পি এলৰ অন্যতম সফল ফ্ৰেঞ্চাইজি কলকাতা নাইট ৰাইডাৰ্ছক নেতৃত্ব দিয়াটো এক সন্মানৰ কথা । মই ভাবো আমাৰ এটা ডাঙৰ আৰু ভাল দল আছে । মই সকলোৰে সৈতে কাম কৰিবলৈ আৰু আমাৰ খিতাপ ৰক্ষাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ আগ্ৰহী ।”
আই পি এল ২০২৪ৰ বিজয়ী কে কে আৰ, অধিনায়ক আছিল শ্ৰেয়াছ আয়াৰ-
উল্লেখ্য য়ে, কলকাতাই আই পি এল ২০২৪ৰ খিতাপ দখল কৰিছিল । ফাইনেলত কে কে আৰে ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰিছিল । শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত কে কে আৰ চেম্পিয়ন হৈছিল যদিও আই পি এল ২০২৫ৰ নিলামৰ পূৰ্বে কে কে আৰে নিজৰ চেম্পিয়ন অধিনায়ক শ্ৰেয়াছ আয়াৰক মুকলি কৰি দিছিল । এই কথাত সকলো আচৰিত হৈ পৰিছিল । তেতিয়াৰ পৰাই দলটোৱে নতুন অধিনায়ক বিচাৰি আছিল । ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৫ । এতিয়া কে কে আৰে ৰাহানেৰ নেতৃত্বত খেলা দেখা যাব ।