ইজৰাইলৰ উন্নত আইৰন বীম লেজাৰ প্ৰতিৰক্ষা ব্যৱস্থা অহা বছৰ কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত ইয়াৰ প্ৰতিৰক্ষা ক্ষমতা আৰু অধিক শক্তিশালী হ’ব পাৰে । বাতৰি অনুসৰি ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই সপ্তাহত ঘৰুৱা প্ৰতিৰক্ষা কোম্পানী ৰাফেল এডভান্সড ডিফেন্স চিষ্টেমছ আৰু এলবিট চিষ্টেমছৰ সৈতে ৫০ কোটি ডলাৰতকৈ অধিক মূল্যৰ চুক্তি স্বাক্ষৰ কৰিছে ।
আইৰণ বীম কি ?
আইৰণ বীম হৈছে আইৰণ ডুমৰ সৈতে বিকশিত এক প্ৰতিৰক্ষা প্ৰণালী যাক মিছাইল, ড্ৰোন, ৰকেট আৰু মৰ্টাৰৰ দৰে বিভিন্ন আকাশী ভাবুকি নিষ্ক্ৰিয় কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে । ইজৰাইলৰ বিষয়াসকলে কয় যে এই ব্যৱস্থাই যুদ্ধৰ এক নতুন যুগৰ সূচনা কৰিব, কিয়নো ইজৰাইলে ইৰাণ আৰু ইয়াৰ মিত্ৰশক্তিৰ পৰা ড্ৰোন আৰু মিছাইলৰ ভাবুকিৰ সন্মুখীন হৈছে ।
বিষয়াসকলে কি কৈছে ?
ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সঞ্চালক জেনেৰেল ইয়াল জামিৰে শেহতীয়াকৈ কয়, “ই দেখুৱাইছে যে যুদ্ধৰ এক নতুন যুগ আৰম্ভ হৈছে । এই ভূমি-আধাৰিত লেজাৰ প্ৰণালীটো অহা এবছৰৰ ভিতৰত কাৰ্যকৰী হ’ব বুলি আশা কৰা হৈছে । এই প্ৰণালীটোৰ প্ৰটোটাইপপ্ৰথমে ২০২১ চনত দেখুওৱা হৈছিল আৰু তেতিয়াৰ পৰা ইয়াৰ বিকাশ ক্ৰমান্বয়ে অব্যাহত আছে ।” আইৰণ বীমৰ ওপৰত আলোচনা এনে এটা সময়ত আহিছে যেতিয়া ইজৰাইলে গাজা আৰু লেবাননত সামৰিক পদক্ষেপ লৈ আছে আৰু ইৰাণৰ সৈতেও এক উত্তেজনা অব্যাহত আছে ।
আইৰন বিমে কেনেকৈ কাম কৰে ?
ই এক উচ্চ শক্তিসম্পন্ন লেজাৰ ব্যৱস্থা, যিয়ে লক্ষ্যক নিমিষতে ধ্বংস কৰে । শ শ মিটাৰ দূৰত্বৰ পৰা কেইবা কিলোমিটাৰলৈকে ই কাম কৰিব পাৰে । ইজৰাইলৰ বৰ্তমানৰ ক্ষেপণাস্ত্ৰ কৌশলৰ পৰা এইটো পৃথক, যিটো ৰাডাৰৰ দ্বাৰা ধৰা পৰাৰ পিছত ইন্টাৰচেপ্টৰ মিছাইল নিক্ষেপ কৰাৰ ওপৰত নিৰ্ভৰশীল । বিশেষজ্ঞসকলে কয় যে লেজাৰ ভিত্তিক প্ৰতিৰক্ষা ব্যৱস্থাই আইৰন ডুমতকৈ উন্নত প্ৰদৰ্শন আগবঢ়াব পাৰে আৰু ই অধিক খৰচী আৰু সঁহাৰিজনক হ’ব ।