২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতে ২ লাখ কোটি টকাৰো অধিক মূল্যৰ অভিলেখ সংখ্যক স্মাৰ্টফোন ৰপ্তানি কৰিছে । ২০২৩-২৪ চনৰ তুলনাত এই সংখ্যা ৫৪ শতাংশ বেছি । ইয়াত কেৱল এপলৰ অংশ ১.৫০ লাখ কোটি টকা । কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰে যে প্ৰডাকচন লিংকড ইনচেন্টিভ (পি এল আই) আঁচনিৰ বাবেই এয়া সম্ভৱ হৈছে ।
মঙলবাৰে আই টি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছ’চিয়েল মিডিয়াত লিখিছে, ৰপ্তানি বৃদ্ধিয়ে বৃহৎ পৰিসৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে । ভাৰতৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ অৰ্থাৎ এম এছ এম ই সমূহ বিশ্বব্যাপী যোগান নেটৱৰ্কৰ অংশ হৈ পৰিছে । ইয়াৰ ফলত স্থানীয় ইলেক্ট্ৰনিকছ উৎপাদন পৰিৱেশ তন্ত্ৰ দ্ৰুতগতিত বৃদ্ধি পাইছে । ২০২৪-২৫ বিত্তীয় বৰ্ষৰ মাত্ৰ ১১ মাহত (এপ্ৰিলৰ পৰা ফেব্ৰুৱাৰীলৈকে) ভাৰতৰ স্মাৰ্টফোনৰ ৰপ্তানি ১.৭৫ লাখ কোটি টকা অতিক্ৰম কৰিছিল ।
বৈষ্ণৱে কয়, বৰ্তমান কেৱল দেশৰ ইলেক্ট্ৰনিকছ ৰপ্তানি বৃদ্ধি হোৱাই নহয়, দেশত ব্যৱহৃত ফোনসমূহৰ ৯৯ শতাংশ ভাৰতত নিৰ্মাণ কৰা হৈছে । ভাৰতৰ ৰপ্তানি বৃদ্ধিৰ ক্ষেত্ৰত এপলৰ অৱদান সৰ্বাধিক । মুঠ ৰপ্তানিত আইফোনৰ অংশ প্ৰায় ৭০ শতাংশ । কেৱল তামিলনাডুৰ ফক্সকন উদ্যোগটোৱে ৰপ্তানিৰ ৫০ শতাংশ অৰিহণা যোগাইছিল ।
এপলে ভাৰতৰ পৰা আমেৰিকালৈ অধিক আইফোন ৰপ্তানি কৰাৰ পৰিকল্পনা কৰিছে । ইয়াৰ আঁৰৰ কাৰণ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পাৰস্পৰিক শুল্ক বুলি ধাৰণা কৰা হৈছে । চীনৰ পৰা সামগ্ৰী আমদানি কৰাৰ বৰ্ধিত ব্যয় হ্ৰাস কৰাৰ বাবে এই পদক্ষেপক অস্থায়ী সমাধান হিচাপে বিবেচনা কৰিছে কোম্পানীটোৱে ।
১০ বছৰত ছয়গুণতকৈও অধিক বৃদ্ধি পালে ৰপ্তানি-
বৈষ্ণৱে কয় যে, যোৱা ১০ বছৰত দেশত ইলেক্ট্ৰনিকছ উৎপাদন পাঁচগুণতকৈ অধিক বৃদ্ধি পাইছে আৰু ৰপ্তানি ছয়গুণতকৈও অধিক বৃদ্ধি পাইছে । চৰকাৰে নিষ্ক্রিয় উপাদান পৰিকল্পনাৰ বাবে এক খচৰা বিজ্ঞপ্তি প্ৰকাশ কৰিছে, যি প্ৰায় দুটা সপ্তাপ পৰ্যন্ত পৰামৰ্শৰ বাবে খোলা থাকিব ।
মন্ত্ৰীগৰাকীয়ে পেচিভ কম্পোনেণ্ট মেনুফেকচাৰিং আঁচনি আৰু গাইডলাইনৰ কথাও ঘোষণা কৰে । ২২,৯১৯ কোটি টকাৰ প্ৰহোতসন প্ৰদানৰ ব্যৱস্থা আছে, যাৰ ফলত প্ৰায় এক লাখ প্ৰত্যক্ষ চাকৰিৰ সৃষ্টি হ’ব আৰু সম্পূৰ্ণ সামগ্ৰীৰ মূল্য সংযোজনৰ প্ৰসাৰ ঘটিব । ইয়াত ৪০০ৰো অধিক সৰু-ডাঙৰ উৎপাদন ইউনিট আছে, যিয়ে বিভিন্ন ধৰণৰ অংশ নিৰ্মাণ কৰে ।
ইলেক্ট্ৰনিক কম্পোনেণ্ট মেনুফেকচাৰিং আঁচনিৰ অধীনত এই সুবিধাসমূহ ১ এপ্ৰিলৰ পৰা আৰম্ভ কৰি ছবছৰৰ বাবে প্ৰদান কৰা হ’ব বুলিও তেওঁ কয় । টাৰ্ণঅভাৰ সংযুক্ত প্ৰহোতসনৰ বাবে কোম্পানীসমূহে ১০ কোটিৰ পৰা ১০০০ কোটি টকাৰ ভিতৰত বিনিয়োগ কৰিব লাগিব আৰু প্ৰহোতসন ১ৰ পৰা ১০ শতাংশৰ ভিতৰত হ’ব । এই আঁচনিৰ অধীনত প্ৰিণ্টেড চাৰ্কিট বৰ্ড আৰু এছএমডি পেচিভ কম্পোনেণ্টৰ বাবে ২৫ শতাংশ পৰ্যন্ত মূলধনী ব্যয়ৰ প্ৰসোতসনৰ লগতে টাৰ্ণঅভাৰ লিংকড প্ৰহোতসন প্ৰদান কৰা হ’ব ।