ৱাকফ সংশোধনী বিধেয়ক ২০২৫ এতিয়া আইনত পৰিণত হৈছে । এই বিধেয়কখনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অনুমোদন জনাইছে । ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পূৰ্বে দুয়োখন সদনে ৱাকফ বিধেয়কখন গৃহীত কৰে ।
চৰকাৰে এক অধিসূচনাযোগে কয় যে, ‘সংসদে গৃহীত কৰা ৱাকফ সংশোধনী আইনখনে ২০২৫ চনৰ ৫ এপ্ৰিলত ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰিছে আৰু ইয়াৰ জৰিয়তে সাধাৰণ তথ্যৰ বাবে প্ৰকাশ কৰা হৈছে : ৱাকফ (সংশোধনী) আইন, ২০২৫ ।’
শুকুৰবাৰে পুৱা ৰাজ্যসভাত দীৰ্ঘদিনীয়া বিতৰ্কৰ অন্তত শাসক আৰু বিৰোধীৰ মাজত উত্তপ্ত আদান-প্ৰদানৰ অন্তত ৱাকফ (সংশোধনী) বিধেয়কখন গৃহীত হয় । ৰাজ্যসভাত এই বিধেয়কখনৰ ওপৰত প্ৰায় ১৪ ঘন্টা বিতৰ্ক হৈ ১২৮টা ভোট সপক্ষে আৰু ৯৫টা বিপক্ষে ভোটদান কৰাৰ পিছতে বিধেয়কখন গৃহীত হয় । ইয়াৰ পূৰ্বে প্ৰায় ১২ ঘণ্টীয়া বিতৰ্কৰ অন্তত লোকসভাই অনুমোদন জনাইছিল, য’ত ২৮৮টা ভোট সপক্ষে আৰু ২৩২টা ভোট বিপক্ষে পৰিছিল ।
বিৰোধী দলসমূহৰ বিৰোধিতা-
দুয়োখন সদনত বিধেয়কখনৰ ওপৰত আলোচনাৰ সময়ত বিৰোধী দলসমূহে বিধেয়কখনক মুছলমান বিৰোধী আৰু অসাংবিধানিক বুলি অভিহিত কৰি তীব্ৰ আপত্তি উত্থাপন কৰে, আনহাতে চৰকাৰে ঐতিহাসিক সংস্কাৰে সংখ্যালঘু সম্প্ৰদায়ক উপকৃত কৰিব বুলি উত্তৰ দিয়ে । লগতে কয় যে, ৱাকফৰ সম্পত্তি পৰিচালনাৰ ক্ষেত্ৰত স্বচ্ছতা নিশ্চিত কৰা হ’ব ।
উচ্চতম ন্যায়ালয়ত ৪ খন আবেদন দাখিল-
শনিবাৰে এই আইনৰ বিধান কাৰ্যকৰী বা বলবৎ কৰাত নিষেধাজ্ঞা আৰোপ কৰি উচ্চতম ন্যায়ালয়ত আৰু দুখন আবেদন দাখিল কৰা হয় । এখন আৱেদন দাখিল কৰিছে দিল্লীৰ আম আদমি পাৰ্টিৰ বিধায়ক তথা ৱাকফত কেলেংকাৰী আৰু আত্মসাৎৰ অভিযোগত অভিযুক্ত আমনাতুল্লাহ খানে, আনহাতে আনখন আবেদন দাখিল কৰিছে এছ’চিয়েশ্যন ফৰ দ্য প্ৰটেকচন ইন দ্য মেটাৰ্ছ অৱ চিভিল ৰাইটছ নামৰ সংস্থাটোৱে ।
ইয়াৰ পূৰ্বে শুকুৰবাৰে কংগ্ৰেছৰ সাংসদ মহম্মদ জাভেদ আৰু এ আই এম আই এমৰ সভাপতি আছাদুদ্দিন ওৱেইছিয়ে উচ্চতম ন্যায়ালয়ত ৱাকফ (সংশোধনী) বিধেয়কখনৰ বৈধতাক প্ৰত্যাহ্বান জনাই কয় যে ই সাংবিধানিক বিধান উলংঘা কৰিছে ।