অহা সপ্তাহত চৌদি আৰৱ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । চৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানৰ আমন্ত্ৰণত এই ভ্ৰমণ কাৰ্যসূচী লৈছে মোদীয়ে । ২২ আৰু ২৩ এপ্ৰিলত জেদ্দা চহৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী । শনিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিশেষ সংবাদমেলত এই ভ্ৰমণ সন্দৰ্ভত তথ্য প্ৰদান কৰে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে ।
তেওঁ কয় যে এই ভ্ৰমণ ভাৰত আৰু চৌদি আৰৱৰ সম্পৰ্কৰ বাবে অতি গুৰুত্বপূৰ্ণ । ইছলামিক বিশ্বৰ এটা ডাঙৰ কণ্ঠস্বৰ হিচাপে চৌদি আৰব এতিয়া আঞ্চলিক বিষয়তো বৃহৎ ভূমিকা পালন কৰি আছে বুলি তেওঁ কয় । লগতে তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদী আৰু ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানৰ মাজত ভাল সম্পৰ্ক আছে । তেওঁলোকৰ পাৰস্পৰিক বুজাবুজি আৰু উচ্চ পৰ্যায়ৰ কৌশলগত চিন্তাধাৰাই দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰি তুলিছে ।
প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ ছৌদি আৰৱৰ জেদ্দা চহৰত হ’ব । এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে ক্ৰাউন প্ৰিন্সক সাক্ষাৎ কৰিব । লগতে আনুষ্ঠানিক আদৰণি অনুষ্ঠান আৰু দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হ’ব । এই ভ্ৰমণৰ সময়ত দুয়োগৰাকী নেতাই ‘ভাৰত-চৌদি কৌশলগত অংশীদাৰিত্ব পৰিষদ’ৰ দ্বিতীয়খন বৈঠকৰ অধ্যক্ষতা কৰিব ।
তৃতীয় কাৰ্যকালত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম চৌদি ভ্ৰমণ-
মিশ্ৰীয়ে কয় যে পৰিষদৰ দুটা মূল স্তম্ভ হৈছে ৰাজনৈতিক আৰু অৰ্থনৈতিক, যিবোৰ দুয়োখন দেশৰ মন্ত্ৰীয়ে চম্ভালে । তৃতীয় কাৰ্যকালত প্ৰধানমন্ত্ৰী মোদীৰ এয়া হ’ব প্ৰথমবাৰৰ বাবে চৌদি আৰৱ ভ্ৰমণ । ইয়াৰ পূৰ্বে ২০১৬ আৰু ২০১৯ চনত তেওঁ চৌদি ভ্ৰমণ কৰিছিল । ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত জি-২০ শীৰ্ষ সন্মিলনৰ আঁৰত ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানে ভাৰত ভ্ৰমণ কৰাৰ পিছতে এই ভ্ৰমণ হব ।