ঘৰুৱা প্ৰতিযোগিতাত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰি অহা ভাৰতীয় প্ৰবীণ বেটছমেন চেতেশ্বৰ পূজাৰাই অষ্ট্ৰেলিয়াৰ যোৱা দুটা ভ্ৰমণত কেংগাৰুৰ বলাৰসকলক বিবুদ্ধিত পেলাইছিল । কিন্তু কিছুদিনৰ পৰা ভাৰতীয় দলৰ পৰা আঁতৰি থকা পূজাৰাক ভাৰতীয় ছিনিয়ৰ দলৰ নিৰ্বাচকসকলে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে দলৰ এই অভিজ্ঞ খেলুৱৈগৰাকীক বাছি ল’ব পাৰে । কোৱা হৈছে যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ২৮ অক্টোবৰত এই পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ বাবে দল ঘোষণা কৰিব পাৰে ।
অহা ২২ নৱেম্বৰৰ পৰা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব টেষ্ট শৃংখলা । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে জয়ৰ হেট্ৰিক অৰ্জন কৰাৰ উদ্দেশ্যেৰে এই টেষ্ট শৃংখলাত প্ৰৱেশ কৰিব । যদি অজিত আগৰকাৰ নেতৃত্বাধীন বাছনি সমিতিখনে তেওঁৰ অভিজ্ঞতাৰে যায়, তেন্তে পূজাৰাৰ বাছনিৰ সম্ভাৱনা আছে । শেহতীয়াকৈ ছত্তীশগড়ৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীত ৩৮৩টা বলত ২৩৪ ৰানৰ ইনিংছ খেলি এই ৩৬ বছৰীয়া বেটছমেনে তেওঁৰ যে এতিয়াও ৰান সংগ্ৰহৰ ক্ষুধা আছে তাক প্ৰমাণ কৰিছে ।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পূজাৰাৰ অভিলেখ ভাল-
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পূজাৰাৰ অভিলেখ ভাল আৰু ২০১৮-১৯ বৰ্ষৰ শৃংখলাত আগশাৰীৰ ৰান সংগ্ৰহকাৰী আছিল । সেই ভ্ৰমণত পূজাৰাই ১২৫৮টা বলৰ মুখামুখি হৈছিল আৰু মুঠ ৫২১ ৰান সংগ্ৰহ কৰিছিল । তিনি বছৰৰ পাছত পুনৰবাৰ ভাৰতৰ বাবে পূজাৰা গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হয় আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৯২৮টা বলৰ মুখামুখি হৈ ২৭১ ৰান সংগ্ৰহ কৰে । পেট কামিন্স, জোছ হেজলউড আৰু মিচেল ষ্টাৰ্কৰ দৰে অষ্ট্ৰেলিয়াৰ কিংবদন্তি বলাৰৰ সন্মুখত পূজাৰাই দেৱালৰ দৰে থিয় দিছে । পূজাৰাই শেষবাৰৰ বাবে যোৱা বছৰ ভাৰতৰ হৈ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলিছিল । তেতিয়াৰ পৰা তেওঁ ভাৰতীয় দলৰ পৰা আতৰি আছে ।
ৰেড্ডীক ফাষ্ট বলিং অলৰাউণ্ডাৰ হিচাপে প্ৰস্তুত কৰা হৈছে-
বাংলাদেশৰ বিৰুদ্ধে শৃংখলাত ভাল প্রদর্শন কৰাৰ পাছতো নীতিশ ৰেড্ডী দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলৰ অংশ নহ’ব, কিয়নো তেওঁ অষ্ট্রেলিয়া ভ্ৰমণৰ বাবে ভাৰতীয় এ দলত নিৰ্বাচিত হৈছে ৷ আনহাতে, আঘাতৰ পৰা উভতি অহাৰ পাছতো শাৰ্দুল ঠাকুৰে বিশেষ প্ৰদৰ্শন কৰি নিৰ্বাচকক আপ্লুত কৰিব পৰা নাই । যোৱা অষ্ট্ৰেলিয়া ভ্ৰমণত শ্বাৰ্দুলে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল আৰু গাব্বা টেষ্টতো ভাৰতৰ ঐতিহাসিক জয়ত অৰিহণা যোগাইছিল ।
ছামীয়ে সুযোগ পাবনে ?
যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ আৰু আকাশ দীপে টেষ্ট দলত নিজৰ স্থান নিশ্চিত কৰিছে যদিও আৱেশ খান আৰু য়শ দয়ালৰ দৰে খেলুৱৈও এই দৌৰত আছে । অভিজ্ঞ বেগী বলাৰ মহম্মদ শ্বামীয়ে শেহতীয়াকৈ নিজকে ফিট বুলি ঘোষণা কৰিছিল যদিও অষ্ট্ৰেলিয়া ছিৰিজলৈকে তেওঁ সম্পূৰ্ণ ফিট নহ’বও পাৰে, যাৰ বাবে শ্বামী ছিৰিজৰ প্ৰাৰম্ভিক অংশৰ পৰা বাহিৰত থাকিব পাৰে ।