বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন খেল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত পাৰ্থত অনুষ্ঠিত হয় । শৃংখলাটোৰ বাবে টীম ইণ্ডিয়াৰ অধিনায়ক হিচাপে নিযুক্ত হোৱা ৰোহিত শৰ্মাৰ অনুপস্থিতিত যশপ্ৰীত বুমৰাহে প্ৰথমখন টেষ্টত টীম ইণ্ডিয়াৰ অধিনায়কৰ দায়িত্ব পালন কৰে । এতিয়া ভাৰতীয় অধিনায়কগৰাকী শৃংখলাটোৰ বাকী চাৰিখন টেষ্টৰ বাবে অষ্ট্ৰেলিয়াত উপস্থিত হৈছে । ইফালে অষ্ট্ৰেলিয়াত উপস্থিত হোৱাৰ লগে লগে অনুশীলনো আৰম্ভ কৰিছে ৰোহিত শৰ্মাই ।
টিম ইণ্ডিয়াই পাৰ্থ টেষ্ট খেলি থকাৰ সময়তে এডিলেইডত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টেষ্টৰ বাবে হিটমেনে অনুশীলন আৰম্ভ কৰে । ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ৬ ডিচেম্বৰৰ পৰা এডিলেইডত অনুষ্ঠিত হ’ব দ্বিতীয়খন টেষ্ট, যাৰ বাবে বহু সময় বাকী আছে যদিও ৰোহিত শৰ্মাই জিৰণি লোৱাৰ পৰিৱৰ্তে নেটত অনুশীলন কৰাৰ সিদ্ধান্ত লয় ।
ইফালে ৰোহিতৰ অনুশীলনৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াৰ জৰিয়তে বি চি চি আইয়ে শ্বেয়াৰ কৰিছে । এই সময়ছোৱাত পাৰ্থৰ মেচখন কভাৰ কৰি থকা ডেভিদ ৱাৰ্নাৰে ৰোহিত শৰ্মাক সাক্ষাৎ কৰে । অনুশীলনত ৰোহিতক খুব ভাল ফৰ্মত দেখা গৈছিল ।
ব্যক্তিগত কাৰণত প্ৰথম টেষ্ট খেলা নাছিল-
উল্লেখ্য যে ৰোহিত শৰ্মাই ব্যক্তিগত কাৰণ উল্লেখ কৰি শৃংখলাৰ প্ৰথমখন টেষ্ট খেলা নাছিল । দ্বিতীয়বাৰৰ বাবে ৰোহিত শৰ্মা পিতৃ হৈছিল, যাৰ বাবে তেওঁ পাৰ্থ টেষ্টত অংশ ল’ব পৰা নাছিল । এতিয়া দ্বিতীয়খন টেষ্টত দেখা যাব ৰোহিত শৰ্মা, তাৰ পিছত টিম ইণ্ডিয়াৰ মূল একাদশত কি কি পৰিৱৰ্তন ঘটে সেয়া চাবলৈ অনুৰাগী আগ্ৰহেৰে ৰৈ আছে ।
প্ৰথম টেষ্টত ভাৰতে জয়লাভ কৰে-
পাৰ্থত খেলা প্ৰথমখন টেষ্টত টিম ইণ্ডিয়াই অষ্ট্ৰেলিয়াক ২৯৫ ৰাণত পৰাস্ত কৰে । এই খেলখনত ভাৰতৰ হৈ অধিনায়ক যশপ্ৰীত বুমৰাহে ৮টা উইকেট দখল কৰে । এই উজ্জ্বল প্ৰদৰ্শনৰ বাবে বুমৰাহক ‘প্লেয়াৰ অৱ দ্য মেচ’ৰ খিতাপ প্ৰদান কৰা হয় ।