যদি আপুনি এজন ছাত্ৰ বা আপোনাৰ ঘৰৰ কোনোৱে দশম বা দ্বাদশ শ্ৰেণীত পঢ়ি আছে তেন্তে এই খবৰটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ । স্কুলৰ পিছত সঠিক কেৰিয়াৰ বাছনি কৰাটো যিকোনো ছাত্ৰ আৰু তেওঁৰ পিতৃ-মাতৃৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান । এই কথা মনত ৰাখি চি বি এছ ই (Central Board of Secondary Education)-এ বিদ্যালয়সমূহলৈ এখন বিশেষ গাইডবুক প্ৰেৰণ কৰিছে, যিয়ে অভিভাৱকসকলক কেৰিয়াৰ গাইডেন্সত সহায় কৰিব ।
কিয় এই গাইডবুকখন মুকলি কৰিলে চি বি এছ ইয়ে ?
বৰ্তমান সময়ত কেৰিয়াৰৰ হাজাৰ হাজাৰ বিকল্প উপলব্ধ । চিকিৎসা, অভিযান্ত্ৰিক, মেনেজমেন্টৰ পৰা আৰম্ভ কৰি প্ৰতিৰক্ষা, ডিজাইনিং আৰু ষ্টাৰ্টআপলৈকে প্ৰতিটো ক্ষেত্ৰতে নতুন নতুন সুযোগ আছে । কিন্তু ইমানবোৰ সম্ভাৱনাৰ মাজত সঠিক সিদ্ধান্ত লোৱাটো কঠিন হৈ পৰে ।
চি বি এছ ইৰ মতে বিদ্যালয়, অভিভাৱক আৰু সমাজৰ অন্যান্য লোকৰ সহযোগিতা প্ৰয়োজনীয়, যাতে শিক্ষাৰ্থী সঠিক কেৰিয়াৰৰ বাবে সাজু হ’ব পাৰে । এই কথা মনত ৰাখি চি বি এছ ইয়ে “Parents’ Handbook on Careers after School in India” নামৰ এখন গাইডবুক মুকলি কৰিছে, যিখন কেৰিয়াৰ কাউন্সেলিং বিশেষজ্ঞ শ্ৰী মোহিত মংগলে প্ৰস্তুত কৰিছে ।
এই গাইডবুকত আপুনি কি পাব ?
চি বি এছ ইৰ এই গাইডবুকত অভিভাৱকৰ বাবে বহু গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে, যাৰ ফলত তেওঁলোকৰ সন্তানৰ কেৰিয়াৰৰ সিদ্ধান্ত সহজ হ’ব । এই গ্ৰন্থখনত :
-বিভিন্ন কেৰিয়াৰ বিকল্পৰ তথ্য
-কোন ধৰণৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কোনটো কেৰিয়াৰ উপযুক্ত ?
-কলেজ আৰু পাঠ্যক্ৰম বাছনি কৰাৰ সময়ত কি কি কথা মনত ৰাখিব লাগে ?
-ব্যক্তিগত আৰু চৰকাৰী খণ্ডত নিয়োগৰ সুযোগ
-বৃত্তি আৰু শিক্ষা ঋণৰ তথ্য
উচ্চ শিক্ষাৰ বাবে প্ৰৱেশ পৰীক্ষা আৰু অন্যান্য সম্পদ-
এই গাইডবুকৰ উপৰিও চি বি এছ ইয়ে “Entrance Exams 2025 Guide” আৰু 21 Higher Education Vertical Books প্ৰকাশ কৰিছে, যিবোৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ বাবে এক গুৰুত্বপূৰ্ণ ৰেফাৰেন্স হিচাপে প্ৰমাণিত হ’ব পাৰে । JEE, NEET, CLAT, UPSC আদি বিভিন্ন প্ৰৱেশ পৰীক্ষাৰ বিষয়ে বিতং তথ্য এই গ্ৰন্থসমূহত দিয়া হৈছে ।
অভিভাৱকৰ ভূমিকা কিয় গুৰুত্বপূৰ্ণ –
বহু সময়ত অভিভাৱকে নিজৰ সন্তানক পৰম্পৰাগত কেৰিয়াৰ (ডাক্তৰ, অভিযন্তা, চৰকাৰী চাকৰি) কৰিবলৈ বাধ্য কৰে, আনহাতে নতুন প্ৰজন্মৰ বাবে বহুতো নতুন আৰু আকৰ্ষণীয় কেৰিয়াৰ বিকল্প উপলব্ধ, যেনে :
-গ্রাফিক ডিজাইনিং
-পাব্লিক স্পীকিং আৰু ডিজিটেল মাৰ্কেটিং
-গেম ডেভেলপমেন্ট
-তথ্য বিজ্ঞান আৰু কৃত্ৰিম বুদ্ধিমত্তা
-ফটোগ্ৰাফী আৰু কন্টেন্ট ক্ৰিয়েশ্যন
এই গাইডবুকখনৰ উদ্দেশ্য হৈছে অভিভাৱকসকলে নিজৰ সন্তানক ভালদৰে বুজিবলৈ আৰু সঠিক কেৰিয়াৰ বাছি লোৱাত সহায় কৰা ।
কি কৰিব লাগে জানি লওক-
যদি আপুনিও আপোনাৰ সন্তানৰ কেৰিয়াৰৰ বাবে চিন্তিত, তেন্তে নিশ্চিতভাৱে এই গাইডবুকখন পঢ়ক । ইয়াক চি বি এছ ইয়ে মুকলি কৰিছে, গতিকে আপুনি সঠিক আৰু নিৰ্ভৰযোগ্য তথ্য পাব । স্কুলৰ পিছত কেৰিয়াৰ বাছনি কৰাটোৱে সমগ্ৰ জীৱনটোক প্ৰভাৱিত কৰে । গতিকে শুদ্ধ তথ্য আৰু বুদ্ধিমান সিদ্ধান্তইহে শিশুটিৰ উজ্জ্বল ভৱিষ্যতৰ ভেটি স্থাপন কৰিব পাৰে ।