৯০ দশকৰ অতি জনপ্ৰিয় ধাৰাবাহিক শক্তিমান সকলো লোকৰেই প্ৰিয় আছিল। শক্তিমানৰ দৰ্শকসকলৰ বাবে আহিছে এটা ভালখবৰ। প্ৰবীণ অভিনেতা মুকেশ খান্নাই কিছু দিন পূৰ্বে তেওঁৰ অনুৰাগীসকলক প্ৰতিশ্ৰুতি দিছিল যে জনপ্ৰিয় চুপাৰহিৰো শ্ব’ ‘শক্তিমান’ ক ঘূৰাই আনিব।
এতিয়া অভিনেতাজনে তেওঁৰ সেই প্ৰতিশ্ৰুতি পূৰণ কৰিলে।দেশী চুপাৰহিৰো হৈ পৰ্দালৈ উভতি আহিবলৈ গৈ আছে শক্তিমান ।মুকেশ খান্নাই সামাজিক মাধ্যমত ইতিমধ্যে মুকলি কৰিছে ‘শক্তিমান’ৰ টিজাৰ ।
অভিনেতা গৰাকীয়ে কেৱল ‘শক্তিমান’ৰ টিজাৰেই নহয় মুকলি কৰিলে শক্তিমানৰ পোষ্টাৰো । এতিয়া দৰ্শকসকলে কেৱল মুক্তিৰ তাৰিখৰ বাবে অপেক্ষা কৰি আছে।
শক্তিমানৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি শিৰোনামটোত লিখিছে যে – “তেওঁৰ উভতি অহাৰ সময় আহি পৰিছে। আমাৰ প্ৰথম ভাৰতীয় চুপাৰ হিৰো।হয়, এইখন বৰ্তমান প্ৰজন্মৰ ল’ৰা ছোৱালীৰ বাবে ঘূৰি আহিছে।সেইটোও এটা বাৰ্তাৰ সৈতে। ইয়াক দুয়োখন হাতেৰে স্বাগতম জনাওক”।
অনুৰাগীসকলে তেওঁলোকৰ শৈশৱৰ প্ৰিয় অনুষ্ঠানটো ঘূৰি অহা দেখি যথেষ্ট উৎসাহিত হৈছে।অৱশ্যে শক্তিমানৰ মুক্তি কেতিয়াকৈ দিব সেয়া জানিব পৰা হোৱা নাই।