ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি আছে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী। ২২ নৱেম্বৰৰ আৰম্ভ হোৱা টেষ্ট শৃংখলাৰ ৩খন টেষ্ট বৰ্তমান সমাপ্ত হৈছে।
পাৰ্থ টেষ্ট ছিৰিজত ভাৰত আৰু এডিলেডত অষ্ট্ৰেলিয়াই জয়লাভ কৰাৰ সমান্তৰালভাৱে গাবা টেষ্টত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টেষ্ট ছিৰিজ ড্ৰ’ হয়।
ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী চলি থকাৰ মাজতেই ভাৰতীয় ক্ৰিকেট প্ৰেমিক হতচকিত কৰি গাবা টেষ্টৰ ফলাফলৰ পিছতেই অশ্বিনে অৱসৰৰ কতা ঘোষণা কৰে।
ক্ৰিকেট বিশেষজ্ঞ, প্ৰাক্তন ক্ৰিকেটাৰকে ধৰি সকলো আচৰিত হৈ পৰে অশ্বিনৰ এই তাৎক্ষণিক সিদ্ধান্তত। কিয়নো বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী চলি মাজতেই এই সিদ্ধান্ত সকলোৰে বাবে আশ্চৰ্যজনক।
কিন্তু ছিৰিজৰ মাজতেই কিয় এই অশ্বিনে এই সিদ্ধান্ত ল’লে, সকলোৰে বাবে এতিয়া ই এটা ডাঙৰ প্ৰশ্ন। কিন্তু অশ্বিনৰ এই খবৰ আৰম্ভণীহে, চৰ্চা অনুসৰি আগন্তুক ২-৩ মাহৰ ভিতৰত বহু ক্ৰিকেটাৰে অৱসৰ ল’ব পাৰে।
অশ্বিনৰ অৱসৰৰ পিছতেই এতিয়া ৰোহিত-কোহলিয়ে ল’ব পাৰে অৱসৰ। বিৰাট কোহলীয়ে ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰাৰ সন্দৰ্ভত চৰ্চা চলি আছে।
এনে ক্ষেত্ৰত যদি বিৰাট কোহলীয়ে এই সিদ্ধান্ত লয় তেন্তে, শীঘ্ৰে বিৰাট কোহলীয়েও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’ব পাৰে। অধিনায়ক ৰোহিত শৰ্মাইও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ সিদ্ধান্ত লব পাৰে।
ইতিমধ্যে ৰোহিত-বিৰাটে T-20 ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে আৰু বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী অথবা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পিছত দুয়োজন খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’ব পাৰে ।