আপুনি বাৰু ঘৰতে বহি Apps ৰ জৰিয়তে খাদ্য অৰ্ডাৰ কৰে নেকি? যদি কৰে তেনেহলে আপোনাৰ বাবে আছে এটা বেয়া খবৰ। কাৰণ ৰাজ্যত অনিৰ্দিষ্টকাললৈ বন্ধ হ’ব পাৰে SWIGGY ৰ খাদ্য ডেলিভাৰী সেৱা। বুধবাৰৰ পৰা ৰাইডাৰ apps বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি SWIGGY ৰ ডেলিভাৰী সেৱা বন্ধ কৰি ৰাখিছে মহানগৰীৰ ৰাইডাৰ সকলে। SWIGGYৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ খাদ্য ডেলিভাৰী কৰা যুৱকৰ।
ৰাইডাৰ সকলৰ দাবী প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত হৈছে তেওঁলোক। তেওঁলোকৰ অভিযোগ অনুসৰি SWIGGY লৈ অহা অৰ্ডাৰ সমূহ তৃতীয় পাৰ্টীলৈ হস্তান্তৰ কৰে SWIGGY কৰ্তৃপক্ষই। যাৰ ফলত এতিয়া অৰ্ডাৰ নোপোৱা হৈছে SWIGGY ডেলিভাৰী ৰাইডাৰ সকলে। SWIGGY কৰ্তৃপক্ষক বাৰম্বাৰ স্মাৰকপত্ৰ দিয়াৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ। SWIGGY ডেলিভাৰী ৰাইডাৰ সকলৰ দাবী সমূহ মানি নললে অনিৰ্দিষ্টকাললৈ এই প্ৰতিবাদ চলাৰ হুংকাৰ তেওঁলোকৰ।