ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হোৱা বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ প্ৰথমটো শৃংখলা ভাৰতে জয় কৰিবলৈ সক্ষম হয়।অধিনায়ক জশপ্ৰীত বুমৰাহৰ নেতৃত্বত ভাৰতীয় দলটোৱে ভাল প্ৰদৰ্শন কৰি পাৰ্থ ষ্টেডিয়ামত বিজয়ী ধ্বজা উৰুৱাবলৈ সক্ষম হয়।
কিন্তু ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ মাজতে দললৈ ঘূৰি আহিছে ৰোহিত শৰ্মা। এডিলেইড টেষ্টত তেওঁ দলটোৰ অধিনায়ক হিচাপে দায়িত্ব ল’ব। এই মেচৰ বাবে ৰোহিত শৰ্মাই নিজৰ বেটিং পজিচন সলনি কৰিব পাৰে।৫ টেষ্ট বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন খেলত ৰোহিত শৰ্মাৰ অবিহনে প্ৰদৰ্শন কৰে টিম ইণ্ডিয়াই।কিন্তু এডিলেইড টেষ্টত দলটোৰ কমাণ্ড কৰিব কেৱল ৰোহিত শৰ্মাই।
মূল কথা প্ৰথমখন টেষ্টত অপেনিং কৰিবলৈ আহিছিল যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুলে। প্ৰথম ইনিংছত দুৰ্বল প্ৰদৰ্শন কৰিছিল যদিও দ্বিতীয় ইনিংছত দুয়োজন খেলুৱৈয়ে দুৰ্দান্ত প্ৰদৰ্শন কৰি ভাৰতীয় দলক এক ভাল আৰম্ভণী দিছিল। যাৰ পৰিণতিত ভাৰতে ছিৰিজ জয় কৰিবলৈ সক্ষম হয়। এতিয়া দ্বিতীয় ইনিংছৰ বাবে কোনে অপেনিং কৰিব তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। গতিকে ৰোহিত শৰ্মাই নিজৰ পজিছন সলনি কৰি ৩নম্বৰত বেটিং কৰিবলৈ আহিব পাৰে ।
পাৰ্থ টেষ্টৰ প্ৰথম ইনিংছত কে এল ৰাহুলে প্ৰথম টেষ্টত ২৬ ৰান আৰু দ্বিতীয় ইনিংছত ৭৭ ৰান সংগ্ৰহ কৰিছিল।