জি-২০ সন্মিলনৰ সময়ত ব্ৰাজিলত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ মাজত অনুষ্ঠিত বৈঠকত ভাৰত-ব্ৰিটেইনৰ সম্পৰ্কক নতুন দিশ দিয়াৰ লগতে নীৰৱ মোদী আৰু বিজয় মাল্যাৰ দৰে পলাতক অৰ্থনৈতিক অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । এই বিষয়ত দুয়োগৰাকী নেতাই মুকলিকৈ আলোচনা কৰাৰ ফলত বিষয়টো ত্বৰান্বিত হোৱাৰ সম্ভাৱনা আছে ।
প্ৰতিবেদন অনুসৰি দুয়োজন নেতাই প্ৰব্ৰজন আৰু প্ৰত্যাৰ্পণৰ সৈতে জড়িত প্ৰক্ৰিয়াসমূহ ক্ষীপ্ৰ কৰাৰ বাবে সন্মতি প্ৰকাশ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ সৈতে নীৰৱ মোদী আৰু বিজয় মাল্যাৰ দৰে পলাতক অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বিষয়টো উত্থাপন কৰে । ইয়াৰ উপৰিও অৰ্থনীতি, বাণিজ্য, প্ৰযুক্তিগত উদ্ভাৱন আৰু সেউজ অৰ্থনীতিৰ ক্ষেত্ৰতো সহযোগিতা সম্পৰ্কে আলোচনা কৰা হয় । ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু ব্ৰিটেইনৰ প্ৰত্যাৰ্পণৰ গোচৰ ক্ষীপ্ৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
পি এ নবি কেলেংকাৰিত অভিযুক্ত নীৰৱ মোদী-
ভাৰতীয় বেংকিং ইতিহাসৰ অন্যতম বৃহৎ কেলেংকাৰী হৈছে পি এন বি কেলেংকাৰী । য’ৰ পৰা নীৰৱ মোদীয়ে ২ বিলিয়ন ডলাৰৰ প্ৰৱঞ্চনা কৰি ব্ৰিটেইনলৈ পলায়ন কৰে । ২০১৮ চনৰ মাৰ্চ মাহত নীৰৱক লৈ খবৰ আহিছিল যে তেওঁ ব্ৰিটেইনত আছে । তাত ৰাজনৈতিক আশ্ৰয়ৰ বাবে আবেদন কৰিছে । কিন্তু ভাৰত চৰকাৰে তেওঁক প্ৰত্যাৰ্পণৰ চেষ্টা চলাইছে । ২০১৯ চনৰ জুন মাহত ছুইজাৰলেণ্ডৰ কৰ্তৃপক্ষই তেওঁৰ সম্পত্তি আৰু বেংক একাউণ্ট, মুঠ ৬০ লাখ ডলাৰ মূল্যৰ এই জালিয়াতিৰ গোচৰত ফ্ৰীজ কৰি ৰাখিছিল ।
বিজয় মাল্যাৰ ‘ইচ্ছাকৃত ডিফল্টৰ’ গোচৰ-
ভাৰতীয় বেংকৰ পৰা লোৱা বৃহৎ পৰিমাণৰ ঋণ পৰিশোধ নকৰাৰ অভিযোগ আছে বিজয় মাল্যাৰ বিৰুদ্ধে । ২০১৭ চনত মাল্যাই নিজৰ সন্তানক ৪ কোটি ডলাৰ হস্তান্তৰ কৰাৰ অপৰাধত আদালত অৱমাননাৰ দোষী সাব্যস্ত হৈছিল । ইয়াৰ বাবে ২০২২ চনৰ জুলাই মাহত উচ্চতম ন্যায়ালয়ে মাল্যাক চাৰি মাহৰ কাৰাদণ্ড আৰু জৰিমনা বিহিছিল ।
ভাৰত-ব্ৰিটেইনৰ কৌশলগত অংশীদাৰিত্বৰ ওপৰত প্ৰভাৱ-
নীৰৱ মোদী আৰু বিজয় মাল্যাৰ দৰে পলাতকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ ভাৰত-ব্ৰিটেইনৰ সম্পৰ্কত স্বচ্ছতা আৰু আস্থা বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰমাণিত হ’ব পাৰে । ইয়াৰ বাবে প্ৰব্ৰজন আৰু প্ৰত্যাৰ্পণৰ গোচৰ ক্ষীপ্ৰ কৰাৰ সিদ্ধান্ত দুয়োখন দেশৰ বাবে ইতিবাচক লক্ষণ । এই পদক্ষেপে আন অৰ্থনৈতিক অপৰাধীকো ব্যৱস্থা গ্ৰহণৰ বাবে হেঁচা প্ৰয়োগ কৰিব ।