ছিংগাপুৰতে সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা
অসমৰ জনপ্ৰিয় কন্ঠশিল্পী সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে সকলোকে মৰ্মাহত কৰিছে।তাৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জনাইছে যে ছিংগাপুৰতে সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা।

ভাৰতীয় সময় অনুসৰি দিনৰ ১১.৩০ বজাত জুবিন গাৰ্গৰ হ’ব মৰণোত্তৰ পৰীক্ষা। জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা বিয়লি ২ বজালৈ সম্পন্ন হোৱাৰ সম্ভাৱনা আছে।
মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে ছিংগাপুৰ চৰাকাৰে অসমক গতাব জুবিন গাৰ্গক। ছিংগাপুৰৰ পৰা গুৱাহাটীলৈ অনা হ’ব জুবিনৰ পাৰ্থিব শৰীৰ।
লগতে পঢ়ক: জুবিন গাৰ্গ বিহীন প্ৰথমটো পুৱা…; বিষন্ন সমগ্ৰ ৰাজ্য
Post Views: 37